মিচিং জনজাতিসকলৰ শক্তিশালী সংগঠন মিচিং মিমাগ কৗবাং চমুকৈ এম এম কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে পদত্যাগ কৰিছে ৷ সম্পাদক দলেয়ে দীৰ্ঘদিন ধৰি এম এম কেৰ কেন্দ্ৰীয় সম্পাদকৰ পৰা পদত্যাগ কৰিবলৈ বিচাৰি আছিল যদিও তেওঁৰ পদত্যাগ পত্ৰ এম এম কেৰ কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰা নাছিল৷ কিন্তু এম এম কেৰ কেন্দ্ৰীয় সমিতিয়ে তেওঁৰ পদত্যাগ পত্ৰ শুকুৰবাৰে গ্ৰহণ কৰে আৰু সম্পাদক দলেক এম এম কেৰ সম্পাদকৰ পৰা অব্যাহতি দিয়াৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি দিছে ৷
এই কথা শুকুৰবাৰে এক সংবাদমেল যোগে সদৰী কৰে এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৃন্দই ৷ শুকুৰবাৰে গোগামুখ আবতানি লত্তাত অনুষ্ঠিত হোৱা এক সংবাদমেলত এম এম কেৰ কেন্দ্ৰীয় বিষয়-ববীয়াসকলে এম এম কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলেৰ পদত্যাগ পত্ৰ সন্দৰ্ভত কয় যে, এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ কৰ্ণধাৰ কমিটিৰ এক জৰুৰী সভা কালি সম্পন্ন হৈছিল ৷ উক্ত সভাৰ সিদ্ধান্ত মৰ্মে সম্পাদক দলেৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ লগতে এম এম কেৰ সকলো ধৰণৰ পদৰ পৰা অব্যাহতি দিয় হয়। উল্লেখনীয় যে, এম এম কেৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে মিচিং জাতীয় সংগঠন টি এম পিকেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল ৷ এম এম কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলেৰ পদত্যাগ সম্পূৰ্ণ ব্যক্তিগত কাৰণত বুুলি জানিবলৈ দিছে ৷ মিচিং জাতীয় সংগঠনৰ সবল নেতা পুৰুষোত্তম দলেৰ পদত্যাগে মিচিং জাতীয় সংগঠনসমূহত কু-প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷ পুৰুষোত্তম দলেক অব্যাহতি দিয়াৰ লগে লগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ইন্দ্ৰ কুমাৰ চুংক্ৰাঙক এম এম কেৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা বুলিও তেওঁলোকে সংবাদমেলত সদৰী কৰে ৷

সংবাদমেলত এম এম কেৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগু, এম এম কেৰ জেষ্ঠ নেতা দেৱৰঞ্জন মৰাং, ৰাজু পেগু, বানীকান্ত দলে, ৰাজু পেগু, এম এম কেৰ ভাতৃ সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিম কুমাৰ পেগু, প্ৰাক্তন কাৰ্যনিৰ্বাহক দীপেন দলে, ভগ্নী সংগঠন টি এম এম কেৰ কেন্দ্ৰীয় সম্পাদিকা শৰ্মিলা পায়েং পেগু উপস্থিত থাকে ৷
এম এম কেৰ কেন্দ্ৰীয় সম্পাদক পুৰুষোত্তম দলেৰ পদত্যাগক এম এম কেৰ কেন্দ্ৰীয় নেতৃবৃন্দই ব্যক্তিগত কাৰণ বুলি দোহাৰিছে যদিও সদ্য পদত্যাগী দলেয়ে কোনোবা অন্য ৰাজনৈতিক দলত যোগদানৰ সম্ভাৱনা আছে ৷

