Breaking

মিচিং অধ্যুষিত অঞ্চলত গণবিদ্ৰোহৰ উকমুকনিঃ সোৱণশিৰৰ ভীমপৰাত সমষ্টি নিৰ্ধাৰণৰ খচৰাক লৈ উত্তাল প্ৰতিবাদ  

0 91

ভাৰতীয় নিৰ্বাচনী আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মিচিং অধ্যুষিত অঞ্চলত গণবিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে৷  ভাৰতীয় নিৰ্বাচনী আয়োগ আৰু অসম চৰকাৰে চৰম স্বেচ্ছাচাৰীতাৰে সমষ্টি সমূহৰ পুলৰ সীমা নিৰ্ধাৰণ কেন্দ্ৰ কৰি ইতিমধ্যে অধিকাংশ মিচিং অধ্যুষিত আন্দোলন, প্ৰতিবিদ, বিক্ষোভ আদিত উত্তাল হৈ পৰিছে ৷ পুনৰ সমষ্টি নিৰ্ধাৰণক লৈ  কৰি লখিমপুৰ জিলাৰ সোৱণশিৰি বৰ্ষামুখ আদিত ইতিমধ্যে হাজাৰ হাজাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজি পুনৰ লখিমপুৰ জিলাৰ ভীমপৰা পঞ্চায়তৰ টাকু গাঁও মুৰং ঘৰত স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ভীমপৰা পঞ্চায়তৰ টাকু গাঁৱত অনুষ্ঠিত হোৱা সৰ্বদলীয় গণপ্ৰতিবাদী কাৰ্যসূচীত   উপস্থিত প্ৰতিবাদী  ৰাইজে দাবী কৰে যে ঢকুৱাখনা বিধানসভা সমষ্টিত তেওঁলোকে সদায় থাকিব ৷ ঢকুৱাখনা বিধানসভা সমষ্টিৰ লগত তেওঁলোকৰ ভৌগোলিক অখণ্ডতা আছে৷ এই সমষ্টিতে তেওঁলোকৰ জন্ম ৷ কিন্তু ঢকুৱাখনা বিধানসভা সমষ্টিৰ ভীমপৰা পঞ্চায়তৰ পৰা বাচি বাচি ৭৩ খন গাঁও নাওবৈচা, লখিমপুৰ আৰু ৰঙানদী বিধানসভা সমষ্টিত অতি কৌশলেৰে অন্তৰ্ভূক্ত কৰি তেওঁলোকক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চৰকাৰে ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

সৰ্বদলীয় গণপ্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি থাকি টি এম পি কেৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক তথা অসম প্ৰদেশ  কংগ্ৰেছ কমিটিৰ সম্পাদক পদ্মলোচন দলেয়ে কয়- খিলঞ্জীয়া মানুহৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ জনগোষ্ঠীয় জনগাঁথনিক ভাগ ভাগ কৰি সামাজিক বিছিন্নতা আনিব বিচৰাৰ লগতে ৰাজনৈতিকভাৱে জনগোষ্ঠী সমূহক নিঃশেষ কৰা ষড়যন্ত্ৰ ৰচনা কৰিছে ৷


কল্যানকামী ৰাষ্ট্ৰ এখনৰ চৰকাৰে জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে সকলো ত্যাগ স্বীকাৰ কৰি জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে ওলাই আহে ৷ কিন্তু বিজেপি নেতৃত্বাাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ সমস্যা সমাধানৰ সলনি শাসনাধীস্ত চৰকাৰ দুখনেহে জনসাধাৰণৰহে সমস্যা হিচাপে থিয় দিছে ৷  সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ভাৰতীয় নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰে সমষ্টিসমূহৰ ভৌগোলিক অখণ্ডতা, জনগোষ্ঠীয় ঐক্যতাত চৰম আঘাত কৰিছে  আৰু উপগ্ৰহীয় পদ্ধতিত সীমা নিৰ্ধাৰণ কৰিছে যিটো সংবিধান বিৰোধী ৷

তেনেক্ষেত্ৰত জনসাধাৰণ  অতিষ্ঠ হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে ৷ ভীমপৰা পঞ্চায়তবাসী কৃষিজীৱি সমাজ। এতিয়া খেতি কৰাৰ সময় ৷ কিন্তু ভৰপুৰ এই খেতিৰ সময়তে ভীমপৰাবাসীয়ে ৰ’দ-বৰষুণ একাকাৰ কৰি নিজৰ জন্মস্থানৰ সমষ্টি ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিবলগা হোৱাটো চৰম দুৰ্ভাগ্যৰ বিষয় বুলি তেওঁ মন্তব্য দিয়ে ৷ তেওঁ লগতে ভীমপৰা পঞ্চায়তৰ ৭৩ খন গাঁৱক কোনোপধ্যেই লখিমপুৰ-নাওবৈচা বিধানসভা সমষ্টিত অন্তভূৰ্ক্ত কৰাটো নিবিচাৰে বুলি মন্তব্য দিয়াৰ লগতে নিৰ্বাচনী আয়োগ আৰু চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ উপস্থিত সকলো ৰাইজক আহ্বান জনায় ৷

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি গণশক্তিৰ কেন্দ্ৰীয় সদস্য যোগেন মিলিয়ে সমষ্টিৰ সীমা  নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগ ৰাজনৈতিক হাঁতোৰাত সোমাই পৰিছে ৷ ভাৰতীয় নিৰ্বাচনী আয়োগে নিজৰ স্বতন্ত্ৰতা বিসৰ্জন দি ৰাজনৈতিক স্বাৰ্থত কাম কৰাৰ অভিযোগ তোলে আৰু ভীমপৰাৰ এখনো গাঁও ঢকুৱাখনা বিধানসভা সমষ্টিৰ বাদে অন্য সমষ্টিত যাবলৈ নিদিয়াৰ হুংকাৰ দিয়ে ৷

কাৰ্যসূচীত উপস্থিত থাকি ভীমপৰা পঞ্চায়তৰ সভাপতি সুৰেশ ঙাটেই ভীমপৰাবাসীক ৰাজনৈতিকভাৱে নিশেষ কৰিব খোজা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ঢকুৱাখনা বিধানসভা  সমষ্টিত থাকিবৰ বাবে সকলোধৰণৰ পন্থা অৱলম্বন কৰিব বুলি হুংকাৰ দিয়ে ৷ একাংশ স্থানীয় ৰাইজে বিধায়ক নৱ কুমাৰ দলেয়ে কুটিল ৰাজনীতিৰে জনসাধাৰণক বিপথে পৰিচালিত নিজৰ গাদী সুৰক্ষাৰ অভিযানত নামি পৰা বুলি সাধাৰণ ৰাইজে অভিযোগ কৰাৰ বিপৰীতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক ভূবন পেগু আৰু বিধায়ক ভৰত নৰহৰ ৰহস্যজনক ভূমিকাকো তীব্ৰ সমালোচনা কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ভাষণ দিয়ে এম এ চিৰ জি এম অনিল পায়েং, টি এম পি কেৰ কেন্দ্ৰীয় সদস্য বিপ্লব টাইদ, লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজীৱ কামান আদিয়ে ৷ কাৰ্যসূচীত কংগ্ৰেছ, বিজেপি, গণশক্তিৰ বহু নেতা-পালিনেতা, টি এম পি কে, এম এম কে, টি এম এম কে আদি দল-সংগঠনৰ সদস্য-কৰ্মী উপস্থিত থাকে ৷

Leave A Reply