MOBILE । মোৱাইল ফোন বাস্তৱ জীৱনৰ এক এৰাব নোৱাৰা যোগাযোগৰ মাধ্যম।
এই মোবাইল ফোন নহ’লে অচল যেন আমাৰ জীৱন ।আজিৰ যুগত মোৱাইল ফোন অতি আৱশ্যকীয় যন্ত্ৰ হৈ পৰিছে যাৰ জৰিয়তে যোগাযোগ তথ্য আদান প্ৰদান আদি বিভিন্ন কাম কৰিব পাৰি।
এটা মুদ্ৰা ইপিঠি সিপিঠিৰ দৰে সকলো বস্তুৱেই ভাল বেয়া দুয়োটা দিশে আছে ঠিক তেনেদৰে মোৱাইল ফোনৰ ভাল বেয়া দুয়োটা দিশে আছে।

মোৱাইল ফোনে আমাৰ জীৱনত ভাল বেয়া দুয়োটা দিশতে প্ৰভাৱ পেলায় মোৱাইল ফোনৰ মুখ্য কাম যোগাযোগ কৰা দুৰ দূৰণিত থকা লোক সকলৰ সৈতে ভাৱৰ আদান প্ৰদান কৰা বাৰ্তা প্ৰেৰণ কৰা আদি বিশেষকৈ মোৱাইল ফোনত থকা ইন্টাৰনেট ব্যৱহাৰ কৰি তথ্য আহৰণ কৰিব পাৰি যেনে ঘৰতে বহি দেশ বিদেশৰ বাতৰি সমূহ লাভ কৰিব পাৰোঁ।ইʼমেল চচিয়েল মিডিয়া অৰ্থাৎ ফেচবুক, ইষ্টাগ্ৰাম আদিৰ জৰিয়তে ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ ঘৰতে বহি অনলাইন বজাৰো কৰিব পাৰোঁ মোৱাইল ফোনৰ জৰিয়তে আমি বিভিন্ন ভাল লগা কামো কৰিব পাৰোঁ ফটো উঠা ভিডিঅ’ বনোৱা গান শুনা গেম খেলা আদি। মোৱাইল ফোনে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।মোৱাইল ফোনত থকা ইন্টাৰনেট ৰ জৰিয়তে আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ ।

বিনোদন ৰ বাবেও মোৱাইল ফোন ব্যৱহাৰ কৰিব পাৰি।মোৱাইল ফোনৰ জৰিয়তে বহু দূৰ দূৰণি ব্যক্তি লগত যোগাযোগ কৰি সম্পৰ্ক গঢ়িব পাৰোঁ।মোৱাইল ফোনৰ জৰিয়তে যিদৰে সম্পৰ্ক এটা গঢ় লৈ উঠিব পাৰে সেইদৰে সম্পৰ্ক এটাত ফাটও মেলিব পাৰে।মোৱাইল ফোনৰ সৎ ব্যৱহাৰে মানুহ এজনক জীৱনত আগুৱাই যোৱাত সহায় কৰে তেনেদৰে বেয়া ব্যৱহাৰে জীৱনত বেয়া প্ৰভাৱ পেলোৱা ও দেখা যায়।মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে স্বাস্থ্য ক্ষতি কৰে ।মোবাইল ফোনৰ অন্তৰ্গত বহুলভাৱে চৰ্চিত সামাজিক মাধ্যম সমূহ যেনে ৱাটচাপ, ইনষ্টগ্ৰাম, ফেচবুক নৱ প্ৰজন্মই অধিক মাত্ৰাত ব্যবহাৰ কৰা হৈছে।নৱ প্ৰজন্মই অধিক সময় এই মাধ্যম সমূহ ব্যৱহাৰতে ব্যস্ত হৈ থাকে যাৰ ফলত নিজ কৰ্ত্যব্য সমূহৰ পৰা বহু সময়ত দূৰত থাকে।

মোবাইল ফোনে কোনোবা খিনিত যেন সম্পৰ্ক বোৰতো প্ৰভাৱ নেপেলোয়া নহয় এই ধৰক আজিকালি প্ৰায় বেছিভাগ সময় মানুহে মোবাইল ফোনতে ব্যস্ত হৈ থাকে কাৰোবাক এষাৰ মাত দিবলৈ অলপ কথা পাতিবলৈও যেন সময় নাই , বিশেষকৈ নতুন প্ৰজন্ম কোনোবাখিনিত বাস্তব জীবনৰ পৰা আতৰি আহি মোবাইল ফোনত থকা সামাজিক মাধ্যম সমূহ বা সামাজিক জগতখনতে ব্যস্ত হয় থাকে।সামগ্ৰিক ভাৱে মোবাইল ফোন আজিৰ যুগত অতি উপযোগী
যস্ত্ৰ ইয়াৰ সঠিক ব্যৱহাৰে জীৱনক সহজ আৰু উন্নত কৰি তোলে।
লেখিকাঃ জিজ্ঞাসী শইকীয়া, চতুৰ্থ ষান্মাষিক
কৃষ্ণ কান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়