Mock Drill: বাজিছে যুদ্ধৰ দামামা! ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল, অসমৰ ২০ টা স্থানত আজি মক ড্ৰিল

দেশত বাজিছে যুদ্ধৰ দামামা।(Mock Drill)পাকিস্তানৰ বিৰুদ্ধে যিকোনো মুহূৰ্ততে গৰজি উঠিব পাৰে ভাৰতৰ কামান। ১৯৭১ চনত পাকিস্থানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল। ১৯৭১ চনৰ পিছত ভাৰতে পুনৰ অসামৰিক প্ৰতিৰক্ষাৰ অনুশীলনৰ মকড্ৰিল কৰিব আজি। এইবাৰো ভাৰতৰ লক্ষ্য পাকিস্তানেই। আজি দেশৰ ২৪৪ খন জিলাত অনুষ্ঠিত হ’ব অসামৰিক প্ৰতিৰক্ষা অনুশীলন ৷ এই আখৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে মঙলবাৰে পুৱা অনুশীলন সন্দৰ্ভত অনুষ্ঠিত কৰে বিশেষ বৈঠক। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ৭ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুশীলনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে গৃহ সচিবে ৷

অসামৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতি বৃদ্ধিৰ প্ৰয়াসত আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰস্তুতি মূল্যায়ন আৰু বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হ’ব বৈঠক । গাঁও পৰ্যায়লৈকে এই অনুশীলনৰ পৰিকল্পনা কৰা হৈছে ।এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ মুখ্য সচিব আৰু অসামৰিক প্ৰতিৰক্ষাৰ মুৰব্বীসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰে ।৫ মে’ত কেন্দ্ৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা অহা এখন পত্ৰত মকড্ৰিলৰ বিষয়ে উল্লেখ কৰা হৈছিল ৷ সমান্তৰালকৈ কেইবাখনো ৰাজ্যক ফলপ্ৰসূ অসামৰিক প্ৰতিৰক্ষাৰ বাবে নিজৰ অনুশীলন চলাবলৈ নিৰ্দেশ দিয়া হৈছিল ।পত্ৰখনত কোৱা হৈছে যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫ চনৰ ৭ মে’ত দেশৰ ২৪৪ খন শ্ৰেণীভুক্ত অসামৰিক প্ৰতিৰক্ষা জিলাত অসামৰিক প্ৰতিৰক্ষা অনুশীলন আৰু আখৰা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ।মকড্ৰিলৰ প্ৰধান উদ্দেশ্যসমূহৰ ভিতৰত আছে ক্ৰমে- বিমান আক্ৰমণৰ সতৰ্কবাণী ব্যৱস্থাৰ ফলপ্ৰসূতা মূল্যায়ন কৰা, হটলাইন কাৰ্যকৰী কৰা, আই এ এফৰ সৈতে ৰেডিঅ’ যোগাযোগৰ সংযোগ, নিয়ন্ত্ৰণ কক্ষ আৰু ছায়া কক্ষৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা, শত্ৰুতাপূৰ্ণ আক্ৰমণৰ ক্ষেত্ৰত নিজকে সুৰক্ষিত কৰিবলৈ নাগৰিক প্ৰতিৰক্ষাৰ দিশৰ ওপৰত ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ নাগৰিকক প্ৰশিক্ষণ দিয়া আৰু দুৰ্ঘটনা প্ৰতিৰোধ ব্যৱস্থাৰ ব্যৱস্থা কৰা ।

ৱাৰ্ডেন সেৱা, অগ্নিনিৰ্বাপক, উদ্ধাৰ অভিযান আৰু ডিপো পৰিচালনাকে ধৰি অসামৰিক প্ৰতিৰক্ষা সেৱাৰ সক্ৰিয়কৰণ আৰু সঁহাৰি পৰীক্ষা কৰা, দুৰ্ঘটনাজনিত ব্লেকআউট ব্যৱস্থা ৰূপায়ণৰ মূল্যায়ন কৰা আৰু খালী কৰাৰ পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা আদিও এই উদ্দেশ্যসমূহৰ অন্তৰ্গত ৷গৃহ মন্ত্ৰালয়ে বিগত ২ মে’ত দুৰ্বল অঞ্চল আৰু জিলাৰ অসামৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল । তদুপৰি মন্ত্ৰালয়ে দেশৰ মুঠ ২৯৫ খন দুৰ্বল চহৰ আৰু জিলা চিনাক্ত কৰিছে, য’ত শান্তিৰ সময়ত অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰাটো প্ৰয়োজন ।দেওবাৰে নিশা ৯ বজাত পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ সকলো লাইট বন্ধ কৰি সেনাই ‘ব্লেকআউট ড্ৰিল’ চলাইছিল। এনে সময়ছোৱাত দূৰৰ পৰা দেখা পোৱা কোনো ধৰণৰ লাইট বা তেনে ধৰণৰ পোহৰ ব্যৱহাৰ নকৰিবলৈ স্থানীয় বাসিন্দাসকলক আগতীয়াকৈ সকীয়াই দিয়া দিছে। ১৯৭১ চনতো ভাৰতে পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টতে আঘাঘণ্টা ধৰি সকলো লাইট নুমাই দি মকড্ৰিল কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক নিৰ্দেশনা অনুসৰি সকলো ৰাজ্যকে অহা ৭ মে’, বুধবাৰে যুদ্ধকালীন সুৰক্ষাৰ অনুশীলন নিৰ্দেশ দিয়া হৈছে্ ৷চৰকাৰী তথ্য অনুসৰি দেশৰ মুঠ ২৪৪ খন জিলাৰ ২৫৯ স্থানত হ’ব এই মকড্ৰিল। আনহাতে অসমৰ মুঠ ২০ টা স্থান ক্ৰমে বঙাইগাওঁ, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী (দিছপুৰ), ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰত হ’ব মকড্ৰিল।পেহলগাম নৰসংহাৰৰ পিছত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। বিভিন্ন চৰকাৰী সূত্ৰই দাবী কৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ প্ৰস্তুতিৰ বাবে প্ৰতিৰক্ষা বৈঠক অনুষ্ঠিত কৰিছে৷

Related Articles