Mock drills: যুদ্ধ হ’লে কি কৰিব ? হঠাতে ব্লেকআউট হ’লে কি কৰিব, জৰুৰীকালীন পৰিস্থিতিত কি কৰিব…?

যুদ্ধ হ’লে কি কৰিব? সাধাৰণ নাগৰিকৰ(Mock drills) মাজত সজাগতা বৃদ্ধিৰ বাবে কেইবাখনো ৰাজ্যত অনুশীলনৰ নিৰ্দেশ অমিত শ্বাহৰ। কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে কেইবাখনো ৰাজ্যক জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্রস্তুত হ’বলৈ অনুশীলন চলাবলৈ নির্দেশ দিছে৷ এক প্ৰতিবেদন অনুসৰি সোমবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, ৰাজ্যসমূহক ৭ মে’ বুধবাৰে এই অনুশীলন চলাবলৈ কোৱা হৈছে। পেহলগামৰ কাণ্ডৰ পিছত পাকিস্তানৰ সৈতে হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেইবাখনো ৰাজ্যক অনুশীলন চলাবলৈ নিৰ্দেশ দিছে। ৰাজ্যসমূহক ৭ মে’ বুধবাৰে এই অনুশীলন চলাবলৈ কোৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সপ্তাহত নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হয়। বিভিন্ন চৰকাৰী সূত্ৰই দাবী কৰিছে যে প্ৰধানমন্ত্ৰীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজত প্ৰত্যাক্ৰমণৰ প্ৰস্তুতিৰ বাবে প্ৰতিৰক্ষা বৈঠক অনুষ্ঠিত কৰিছে। প্ৰসংগক্ৰমে তাৰ কিছু সময়ৰ পিছতে অমিত শ্বাহৰ মন্ত্ৰালয়ে কেইখনমান ৰাজ্যক এই অনুশীলন চলাবলৈ নিৰ্দেশ দিয়ে।গৃহ মন্ত্ৰালয়ে বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন ব্যৱস্থা সক্ৰিয় কৰা, নাগৰিকক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ ভূমিকা, হঠাতে ব্লেকআউট হ’লে কি কৰিব, জৰুৰীকালীন পৰিস্থিতিত কেনেকৈ দ্ৰুত উদ্ধাৰ অভিযান চলাব আদি বিষয়ৰ ওপৰত অনুশীলন চলাবলৈ অনুৰোধ জনাইছে। প্ৰসংগক্ৰমে দেওবাৰে নিশা ৯ বজাত পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ সকলো লাইট বন্ধ কৰি সেনাই ‘ব্লেকআউট ড্ৰিল’ চলায়।

সেই সময়ছোৱাত দূৰৰ পৰা দেখা পোৱা কোনো ধৰণৰ আলোকিত বস্তু বা পোহৰ ব্যৱহাৰ নকৰিবলৈ স্থানীয় বাসিন্দাসকলক আগতীয়াকৈ সকীয়াই দিয়া হৈছিল। সাধাৰণতে যুদ্ধৰ সময়ত শত্ৰুৰ মনোযোগ এৰাই চলিবলৈ বা শত্ৰুৰ বায়ুসেনাক বিভ্ৰান্ত কৰিবলৈ লাইট বন্ধ কৰি বৃহৎ অঞ্চল ব্লেকআউট কৰা হয়। ইতিমধ্যে যোৱা ২২ এপ্ৰিলৰ পৰা সীমান্ত অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে।দেওবাৰে নিশা ‘ব্লেকআউট’ ড্ৰিলৰ পিছত বাসিন্দাসকল স্বাভাৱিকতে অধিক সতৰ্ক হৈ পৰিছে।পে্হলগামৰ কাণ্ডৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল সন্ত্ৰাসবাদীকে নহয়, সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলকো চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ বাৰ্তা প্ৰদান কৰিছে।

তেওঁৰ ভাষাত “বন্দুকৰ ট্ৰিগাৰ টানিলে আৰু সেই ষড়যন্ত্ৰত জড়িত – কাকো ৰেহাই দিয়া নহ’ব!” লগতে কয় যে ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি তীব্ৰ সঁহাৰি দিব। মই বিশ্বাস কৰোঁ যে পহলগাম কাণ্ডই প্ৰতিজন ভাৰতীয়ৰ তেজ উতলিবলৈ ধৰিছে।” পহলগাঁও সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি দৃঢ় প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও আশ্বাস দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। দেওবাৰে দিল্লীত আয়োজিত সাংস্কৃতিক সজাগতা মহোৎসৱত ভাষণ দি ৰাজনাথ সিঙে কয় যে আপুনি আমাৰ প্ৰধানমন্ত্ৰীক চিনি পায়, তেওঁৰ কৰ্মশৈলী আৰু দৃঢ়তাৰ সৈতে সকলোৱে পৰিচিত। “মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আপোনালোকে যি বিচাৰে সেয়া নিশ্চিতভাৱে হ’ব।”


ৰাজনাথ সিঙে লগতে দাবী কৰে যে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে পহলগাঁও আক্ৰমণক তীব্ৰ সঁহাৰি দিয়াটো তেওঁৰ দায়িত্ব। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে মোৰ দায়িত্ব হৈছে সীমান্ত সুৰক্ষিত কৰাৰ বাবে সামৰিক বাহিনীৰ সৈতে কাম কৰা আৰু আমাৰ দেশক আক্ৰমণ কৰিবলৈ সাহস কৰাসকলক উপযুক্ত উত্তৰ দিয়া।

Related Articles