Breaking

মিছ নেদাৰলেণ্ডৰ খিতাপ দখল কৰিলে কিন্নৰ মডেল ৰিকি ভেলেৰীয়ে…

0 126

কিন্নৰ মডেলে খিতাপ জয় কৰি সৃষ্টি কৰিলে ইতিহাস, অংশগ্ৰহণ কৰিব মিছ ইউনিভাৰ্ছত! ২০২৩ চনৰ মিছ নেদাৰলেণ্ডৰ খিতাপ লাভ কৰি মডেল ৰিকি ভেলেৰী কলেই ৭২ সংখ্যক মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগী হিচাপে নিজৰ স্থান নিশ্চিত কৰিছে। ৰিকি হৈছে এই খিতাপ দখল কৰা প্ৰথমগৰাকী কিন্নৰ মডেল। ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে কিন্নৰ মহিলাক পিন্ধোৱা হৈছে বিজয়ৰ মুকুট। ৰিকিৰ বয়স হৈছে ২২ বছৰ। ৰিকিয়ে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, “মই কৰিলোঁ! মই কিমান সুখী আৰু গৌৰৱান্বিত সেই কথা প্ৰকাশ কৰিব নোৱাৰো। হয়, মই এজন ট্ৰেন্সজেন্ডাৰ আৰু মোৰ কাহিনীটো সকলোৰে সৈতে শ্বেয়াৰ কৰিব বিচাৰো, মই ৰিকি। খিতাপ জয় কৰা এই মূহুৰ্তটো মোৰ বাবে বহুত।” এনে খিতাপ দখল কৰা বিশ্বৰ দ্বিতীয়জন ট্ৰেন্স হৈ পৰিল ৰিকি।

মডেল ৰিকি ভেলেৰী ক’লেইয়ে ইনষ্টাগ্ৰামত এই অনুষ্ঠানটোৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত আন মডেলৰ সৈতে দেকা গৈছে ৰিকিক। ৰিকি ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বিতীয়গৰাকী ট্ৰেন্স মহিলা। ২০১৮ চনত এঞ্জেলা পন্সে মিছ স্পেইনৰ মুকুট পিন্ধি ইতিহাসৰ সৃষ্টি কৰিছিল।ৰিকি আন আন কিন্নৰ বাবে আদৰ্শ হৈ ৰ’ব। কেৱল এয়াই নহয়, মঞ্চ ব্যৱহাৰ সামাজিক বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ শিকাব বিচাৰে ৰিকিয়ে।

Leave A Reply