Breaking

সৰভোগত শ্বহীদৰ স্মৃতিত আধুনিক শিশু উদ্যান মুকলি

0 2,065

অসম আন্দোলনৰ দুই শ্বহীদ অমিয় নাথ আৰু হৰপতি তালুকদাৰৰ আজি স্মৃতি দিৱসৰ দিনটোতে তেওঁলোকৰ সোৱৰণত সৰভোগৰ নিজদমকা গাঁৱত স্থাপন কৰা আধুনিক শিশু উদ্যান এখন বিধায়ক তথা হাউছফেডৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। এই উপলক্ষে দিয়া উদ্ধোধনী ভাষণত তেওঁ কয় যে সৰভোগ বিধান সভা সমষ্টিত এনে ধৰণৰ আৰু এখন উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। তেওঁ উদ্যানখন ৰাজহুৱা সমিতিৰ দ্বাৰা পৰিচালনা কৰা হব বুলি জানিবলৈ দি ইয়াক বৰ্তাই ৰখাৰ স্বাৰ্থত ৰাইজৰ পূৰ্ণ সহযোগ কামনা কৰে। ইয়াৰ পূৰ্বে দিয়া আদৰণি ভাষণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ ১.৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই উদ্যানখনেই বৰপেটা জিলাৰ ভিতৰতে এই ধৰণৰ প্ৰথমখন আধুনিক উদ্যান হিচাপে পৰিগণিত হৈছে। বৰপেটা চহৰৰ মাজমজিয়াতে থকা মিলেনিয়াম পাৰ্কখনো নিৰ্মাণ কৰি উলিওৱাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু স্থানীয় বিশিষ্ট শিল্পী ভৱানন্দ দাস পাঠকে আতঁধৰা সভাখনৰ আৰম্ভণীতে উদ্দ্যেশ্যে ব্যাখ্যা কৰে বৰনগৰ ৰাজহ চক্ৰৰ বিষয়া পাৰ্থ প্ৰতীম খনিকৰে। অনুষ্ঠানৰ আৰম্ভণীতে শ্বহীদ দুগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে শ্বহীদ ভাতৃ জয়ন্ত নাথ আৰু বসন্ত তালুকদাৰে। অনুষ্ঠানত শ্বহীদ হৰপতি তালুকদাৰৰ মাতৃ মনোমতী তালুকদাৰো উপস্থিত থাকে। সৰভোগ চহৰৰ গাতে লগা নিজদমকা গাঁৱৰ ৪ বিঘা একঠা মাটিত স্থাপন কৰা এই উদ্যানখনত পুতলা ৰেলকে আদি কৰি শিশু উপযোগী নানান খেল-ধেমালিৰ সামগ্ৰী স্থাপন কৰা হৈছে। ভৱিষ্যতে ইয়াত নৌকাচালনাৰো ব্যৱস্থা কৰা হব বুলি জানিব পৰা গৈছে।

Leave A Reply