২৯ এপ্ৰিল, ২০২৫ঃ Modi । পাকিস্তানৰ সৈতে ভাৰতৰ যিকোনো মুহূৰ্ততে যুদ্ধ এখন হব ! আপাততঃ তেনে ইংগিত পোৱা বুলিয়েই বহুতে এতিয়া কব বিচাৰিছে। জম্মু-কাশ্মীৰৰ পেহলগামত সংঘটিত মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী আৰু এয়াৰ চিফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙো উপস্থিত থাকে।পেহলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাৰ প্ৰতি বিৰোধী দলসমূহেও সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে।
তেনে পৰিস্থিতিত মোদীয়ে আজি অনুষ্ঠিত কৰা বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশ্যে বৈঠকৰ সবিশেষ তথ্য এতিয়াও চৰকাৰে আনুষ্ঠানিকভাবে প্ৰকাশ কৰা নাই। বহুতে এই বুলি চৰ্চা কৰিছে যে পাকিস্তানক এক সমুচিত উত্তৰ দিয়াৰ বাবেই আয়োজন কৰা হৈছে এই বৈঠকৰ।