ভুৱনেশ্বৰ, ২০ জুনঃ MODI ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ওড়িশাৰ ভুৱনেশ্বৰত এখন ৰাজহুৱা সভাত ভাষণ দি এক চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায়। তেওঁ কয়, “মাত্ৰ দুদিন পূৰ্বে মই জি-৭ শীৰ্ষ সন্মিলনৰ বাবে কানাডাত আছিলোঁ। সেই সময়ছোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মোক ফোন কৰি নিমন্ত্ৰণ জনাইছিল। কিন্তু মই তেওঁক ক’লোঁ—নিমন্ত্ৰণৰ বাবে ধন্যবাদ, কিন্তু মোৰ বাবে জগন্নাথ মহাপ্ৰভুৰ দেশলৈ আহিব লাগিব। গতিকে মই বিনয়েৰে সেই নিমন্ত্ৰণ নাকচ কৰিলোঁ।”

প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোকৰ মৰম আৰু ভক্তিৰে মই প্ৰভুৰ ভূমিলৈ টানি অনা হৈছিলোঁ।”
আয়ুষ্মান-গোপাবন্ধু যোজনা আৰু নক্সাল প্ৰশ্নত গুৰুত্বপূৰ্ণ ঘোষণা
প্ৰধানমন্ত্ৰী মোদীয়ে ওড়িশাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য সেৱা যোজনা দুয়োটা চালু থাকিবলৈ গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয়, “৩ কোটিৰে অধিক লোক এতিয়া বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে।”
একেদৰে, নক্সাল সমস্যা সন্দৰ্ভত মোদীয়ে দাবী কৰে, “২০১৪ চনৰ পূৰ্বে ১০০ তকৈও অধিক জিলা নক্সাল হিংসাৰ কবলত আছিল। আজিৰ দিনত সেই সংখ্যা ২০খন জিলালৈ সীমিত হৈ পৰিছে। বিজেপি চৰকাৰে জনজাতীয় অঞ্চলত উন্নয়নক অগ্ৰাধিকাৰ দি নক্সালবাদের মূল কাটি পেলাবলৈ বদ্ধ পৰিকৰ।”
প্ৰধানমন্ত্ৰীয়ে ক’লে, “ওড়িশাত জনজাতীয় সমাজ বৃহৎ হ’লেও অতীতত তেওঁলোকক কেৱল ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা হৈছিল। উন্নয়নৰ পথত অংশগ্ৰহণৰ সুযোগ দিয়া হোৱা নাছিল।”
তেওঁ স্পষ্টকৈ কয়, “দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত হ’ব—এইয়া মোৰ নিশ্চয়তা।”