ভাৰত আৰু আমেৰিকাৰ মাজত শুল্ক (Modi Avoided Trump Calls) বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই বিবাদৰ পটভূমিত যোৱা কেইটামান সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চাৰিটাকৈ ফোন কল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ নকৰা বুলি বুলি জাৰ্মান কাকত ফ্ৰেংকফৰ্টৰ আলজেমেইন জাইটুঙে (এফ এ জেড) সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে। প্ৰতিবেদনত প্ৰকাশ পাইছে যে এয়া তেওঁৰ [মোডীৰ] ক্ষোভৰ বহিঃপ্ৰকাশ। ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথায়ো ট্ৰাম্পৰ সৈতে মোদীৰ শীতল যুদ্ধক উদগনি যোগাইছে বুলি কাকত খনৰ বাতৰিত কোৱা হৈছে। ভাৰতে আমেৰিকাৰ হেঁচাৰ মাজতো দৃঢ়তাৰে থিয় দিবলৈ সাজু বুলি প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ কৃষকৰ স্বাৰ্থৰ সৈতে “কেতিয়াও আপোচ নকৰে” বুলিও প্ৰতিশ্ৰুতি দিছে।জাৰ্মান কাকত খনে প্ৰকাশ কৰিছে যে আমেৰিকা আৰু ভাৰতৰ বাণিজ্যিক সংঘাতৰ মাজতে নতুন দিল্লীয়ে ৱাশ্বিংটনৰ হেঁচাত নতশিৰ নকৰে বুলি প্ৰকাশ কৰিছে। ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ অনিচ্ছাই প্ৰমাণ কৰিছে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই কাৰ্য্যত বিৰক্ত হৈছে।কাকতখনে লগতে উল্লেখ কৰিছে যে ভাৰতীয় ধাৰণাত ট্ৰাম্পৰ ভাবমূৰ্তি যথেষ্ট পৰিমাণে সলনি হৈছে, বিশেষকৈ ট্ৰাম্পে পাকিস্তানৰ সৈতে সম্পৰ্ক বৃদ্ধিৰ পৰিকল্পনা সন্দৰ্ভত দিয়া বক্তব্যৰ বাবে এনে হৈছে।
মে’ মাহৰ পৰা ট্ৰাম্পে বাৰে বাৰে কৈ আহিছে যে তেওঁৰ মধ্যস্থতাই ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বন্ধ কৰি দিছিল, যিটো দাবী ভাৰতে অস্বীকাৰ কৰি আহিছে। বিগত দুটা দশকত ভাৰত আৰু আমেৰিকাৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাইছে চীনক প্ৰতিহত কৰাৰ কৌশলগত প্ৰচেষ্টাৰ বাবে । কিন্তু ট্ৰাম্পৰ শাস্তিমূলক শুল্ক নীতিয়ে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক বিঘ্নিত কৰিছে। নিউয়ৰ্কৰ নিউ স্কুলৰ ইণ্ডিয়া-চাইনা ইনষ্টিটিউটৰ সহ-পৰিচালক ফ্ৰেজিয়াৰে দাবী কৰে যে নতুন দিল্লীয়ে কেতিয়াও বেইজিঙৰ বিৰুদ্ধে ৱাশ্বিংটনৰ পক্ষ লোৱাৰ উদ্দেশ্য আগত ৰখা নাছিল। তেওঁ লগতে দাবী কৰে যে বিশ্ব প্ৰতিষ্ঠানসমূহৰ ভিতৰত প্ৰভাৱ সম্প্ৰসাৰণৰ ক্ষেত্ৰত নতুন দিল্লী আৰু বেইজিঙৰ উমৈহতীয়া স্বাৰ্থ আছে।তদুপৰি চীনৰ বিনিয়োগ আৰু প্ৰযুক্তিয়ে ভাৰতীয় উদ্যোগক উন্নীত কৰিব পাৰে, আনহাতে ফ্ৰেজিয়াৰৰ মতে নতুন দিল্লীয়ে বেইজিঙৰ বিশ্ব অৰ্থনৈতিক আৰু ভূ-ৰাজনৈতিক অৱস্থান বৃদ্ধিত মূল ভূমিকা পালন কৰিব পাৰে।

