Breaking

কৃষি আইনক লৈ বেকফুটত মোডী চৰকাৰ !

0 2,245

বাতিল কৰিলে তিনি কৃষি আইন

দেশজুৰি হোৱা বিশাল প্ৰতিবাদৰ পিচত অৱশেষত তিনিখন কৃষি আইন বাতিল হল কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ । শুকুৰবাৰে গুৰু নানক জয়ন্তী উপলক্ষে দেশবাসীক সম্বোধন কৰি কৃষি আইন বাতিলৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ কৃষকৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমুলক আচঁ‌নিৰ কথা উল্লেখ কৰে । এই মাহৰ অন্তত আৰম্ভ হবলগীয়া সংসদৰ অধিবেশনৰ সময়ত তিনিও খন কৃষি আইন বাতিলৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পুৰ্ণ কৰিব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে , আন্দোলনকাৰী কৃষক সকলক আহ্বান কৰে যে তেওঁলোকে স্বগৃহলৈ উভতি গৈ নিজৰ কৃষিক্ষেত্ৰত মনোনিৱেশ কৰে যেন ।

Leave A Reply