Breaking

মোদীয়েই দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি…

0 2,036

দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি হিচাপে পুনৰ চিহ্নিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশক শক্তিশালীভাৱে নেতৃত্ব দিয়া তথা বিজেপিক ইটোৰ পাছত সিটো জয়ৰ সোৱাদ দিবলৈ সক্ষম হোৱা মোদীক লৈ ভাৰতীয়সকলৰ লগতে বিশ্ব সম্প্ৰদায়ৰ আগ্ৰহ তথা আস্থাও সম্প্ৰতিক সময়ত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী মোদীক এই সময়ৰ দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি বুলি চিহ্নিত কৰা হৈছে। ‘ইণ্ডিয়ান এক্সপ্ৰেছ পাৱাৰ লিষ্ট ২০২২’ত নৰেন্দ্ৰ মোদীয়ে স্থান আটাইতকৈ শক্তিশালী নেতা হিচাপে আন এবছৰলৈ সুৰক্ষিত হৈ ৰৈছে। ১৩০ কোটি বাসিন্দাৰ এখন দেশ পৰিচালনা কৰা, দেশক ক’ভিডবিৰোধী যুঁজত নেতৃত্ব দিয়া, ক’ভিড প্ৰতিৰোধী লকডাউনৰ সফল বলৱৎ কৰা তথা ভাৰতত থলুৱা ক’ভিড-১৯ ভেকছিন বিকশিত আৰু বিতৰণৰ ব্যৱস্থা কৰাৰ দৰে বিষয়ত সফলতাই মোদীৰ কৃতিত্বক অধিক সমুজ্জ্বল কৰি তুলিছে। নৰেন্দ্ৰ মোদীয়ে আঠ বছৰ আগতে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত আগতকৈ অধিক প্ৰভাৱশালী আৰু কৰ্তৃত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱাটো প্ৰমাণ হৈছে।। লগতে অতি শেহতীয়াকৈ, যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ২২,০০০ তকৈও অধিক যুৱ ভাৰতীয়ক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবেও তেওঁ প্ৰশংসিত হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে স্থান লাভ কৰিছে। জে পি নাড্ডাৰ ৰূপত বিজেপিত এগৰাকী নতুন সভাপতি থকা স্বত্বেও শ্বাহে দলটোত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছে। তৃতীয় স্থানত আছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱত। জেপি নাড্ডা চতুৰ্থ স্থানত আছে। দেশৰ আটাইতকৈ ধনী পুঁজিপতি মুকেশ আম্বানী আছে পঞ্চন স্থানত।ষষ্ঠ স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, যিয়ে শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ইতিহাস ৰচনা কৰি বিজেপিক একেৰাহে দ্বিতীয়বাৰৰ বাবে শাসনলৈ নেতৃত্ব দিবলৈ সক্ষম হৈছিল। যোগীৰ পিছত গৌতম আদানিৰ নাম সন্নিৱিষ্ট হৈছে। শেহতীয়াকৈ যিসকল উদ্যোগপতিয়ে দেশত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত আদানী হৈছে অগ্ৰণী। তেওঁ দেশৰ ব্যৱসায়িক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইফালে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অষ্টম স্থান দখল কৰিছে। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা ডোভালে এতিয়া দেশৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয়বোৰত আটইতকৈ কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু তাৰ পাছতে অৰ্থাৎ নৱম আৰু দশম স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তালিকাৰ ৩২সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ২০২১ চনত তেওঁ এই তালিকাৰ ৬০সংখ্যক স্থানত আছিল। মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হোৱাৰ পাছতে তেওঁ ক্ষমতাৰ পৰিসৰ আৰু শক্তি অধিক বৃদ্ধি হোৱাটো এই তালিকাত প্ৰতিপন্ন কৰা হৈছে।

Leave A Reply