Mohan Bhagwat । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ সৰসংঘচালক ডা. মোহন ভাগৱতে দুদিনীয়া বিশেষ ভ্ৰমণসূচীৰে অসমলৈ আগমন কৰিব। ১৭ নৱেম্বৰৰ আবেলি গুৱাহাটীলৈ উপস্থিত হ’ব ভাগৱত। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত তেওঁ পোনে পোনে বৰবৰীৰ সুদৰ্শনালয়লৈ ৰাওনা হ’ব।
RSS-ৰ শতবৰ্ষ উৎসৱ উপলক্ষে বিভিন্ন সাংগঠনিক কাৰ্যসূচী আয়োজন কৰা হৈছে
১৮ নৱেম্বৰ: নাগৰিক সন্মিলন
১৮ নৱেম্বৰৰ পৰা ভাগৱতৰ আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ হ’ব। দিনটোৰ আবেলি ৪ বজাৰ পৰা সুদৰ্শনালয়ত ‘নাগৰিক সন্মিলন’ অনুষ্ঠিত হ’ব, য’ত সমাজ জীৱনত উল্লেখযোগ্য অৱদান ৰখা গুৱাহাটীৰ দুই শতাধিক বিশিষ্ট নাগৰিক উপস্থিত থাকিব। সাহিত্যিক, কাকত-আলোচনীৰ সম্পাদক, সাংবাদিক, উদ্যোগপতি আদিকে এই বিশেষ বৈঠকত আমন্ত্ৰণ জনোৱা হৈছে।
এই সন্মিলনত ডা. ভাগৱতে বৌদ্ধিক প্ৰদান কৰাৰ লগতে বিভিন্ন বিষয়া লৈ মত-বিনিময় কৰিব বুলি জানিব পৰা গৈছে।
১৯ নৱেম্বৰ: যুৱ সন্মিলন
পাছদিনা অৰ্থাৎ ১৯ নৱেম্বৰৰ পুৱা ১০ বজাৰ পৰা ‘যুৱ সন্মিলন’ অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত নিৰ্বাচিত যুৱ কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি সহ বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৱান অসমৰ যুৱসমাজ উপস্থিত থাকিব। অংশগ্ৰহণকাৰীৰ সন্মুখত মোহন ভাগৱতে পুনৰ এক গুৰুত্বপূৰ্ণ বৌদ্ধিক বক্তব্য প্ৰদান কৰিব।
২০ নৱেম্বৰ: মণিপুৰ ভ্ৰমণ
অসমত দুদিনীয় কাৰ্যসূচী সম্পন্ন কৰি ২০ নৱেম্বৰৰ দিনা ডা. মোহন ভাগৱত মণিপুৰলৈ যাত্ৰা কৰিব বুলি RSSৰ মুখপাত্ৰই জনাইছে।

