নাগপুৰত গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানত ভাষণ (Mohan Bhagwat) দি মোহন ভাগৱতে কয়, ‘যেতিয়া আপুনি ৭৫ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া ইয়াৰ অৰ্থ হ’ল আপুনি এতিয়াই ৰৈ আনৰ বাবে বাট মুকলি কৰিব লাগে৷’ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ৭৫ বছৰ বয়সত নেতা এলাগি হোৱাৰ মন্তব্যই বিৰোধী শিবিৰৰ লগতে গেৰুৱা শিবিৰতো জোকাৰণি তুলিছে৷ বহুতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰিছে৷ ভাগৱতে ক’লে, ‘যেতিয়া আপুনি ৭৫ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া ইয়াৰ অৰ্থ হ’ল আপুনি এতিয়াই আনৰ বাবে বাট মুকলি কৰিব লাগে৷’
মোহন ভাগৱতে ভাষণত কয়, ‘মৰোপণ্ত পিংগলে এবাৰ কৈছিল যে ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত যদি আপুনি চাদৰেৰে সন্মানিত হয়, তেন্তে তাৰ অৰ্থ হ’ল এতিয়াই সকলো কাম বন্ধ কৰিব লাগে, আপুনি বুঢ়া হ’ল, আপুনি ৰৈ দি আনক সোমাবলৈ সুযোগ দিয়ক৷ ভাগৱতৰ এই মন্তব্যই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে৷ শিৱসেনা [ইউ বি টি]ৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় ৰাউটে কয় যে, ‘প্ৰধানমন্ত্ৰী মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত এল কে আদৱানি, মুৰলী মনোহৰ যোশী আৰু যশৱন্ত সিঙৰ দৰে নেতাক অৱসৰ ল’বলৈ বাধ্য কৰাইছিল৷ চোৱা যাওক তেওঁ এতিয়া নিজৰ ক্ষেত্ৰতো একে নিয়ম প্ৰয়োগ কৰে নে নাই৷’ কংগ্ৰেছ নেতা অভিষেক সিংভীয়ে কয়, ‘এনে প্ৰচাৰ কৰাটো সদায় বিপজ্জনক৷ ৭৫ বছৰৰ বয়সৰ সীমা প্ৰয়োগ কৰি মাৰ্গদৰ্শক মণ্ডলক বাধ্যতামূলক অৱসৰ দিয়াটো নীতিহীন যদিও বৰ্তমানৰ ৰেহাইৰ এই নিয়মৰ পৰা কোনোবাই ৰেহাই পাব নেকি৷’
ৰাউতে ইয়াৰ পূৰ্বে দাবী কৰিছিল যে এই বছৰ মাৰ্চ মাহত নাগপুৰত থকা আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ মোদীৰ ভ্ৰমণৰ সময়ত তেওঁৰ সম্ভাব্য অৱসৰৰ বিষয়ে আলোচনা হৈছিল ৷ সেই সময়ত বিজেপিয়ে এই কথা অস্বীকাৰ কৰি কৈছিল যে এই ভ্ৰমণৰ সৈতে তেনে কোনো কথা জড়িত নহয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ পূৰ্বে ২০২৩ চনৰ মে’ মাহত স্পষ্ট কৰি দিছিল যে বিজেপিৰ সংবিধানত অৱসৰৰ কোনো দফা নাই৷ ‘২০২৯ চনলৈকে মোদীয়ে নেতৃত্ব দি থাকিব৷ অৱসৰৰ উৰাবাতৰিৰ কোনো সত্যতা নাই৷’
আমোদজনক কথাটো হ’ল, ভাগৱতৰ মন্তব্যৰ একেদিনাই অমিত শ্বাহে আন এক অনুষ্ঠানত নিজৰ অৱসৰৰ আকাংক্ষাৰ বিষয়ে কয়৷ শ্বাহে কেতিয়া অৱসৰ লোৱাৰ মনস্থ কৰিছে সেই কথা স্পষ্টকৈ কোৱা নাই যদিও তেওঁ কয়, ‘মই মোৰ অৱসৰৰ সময় বেদ, উপনিষদ আৰু জৈৱিক কৃষিৰ বাবে উৎসৰ্গা কৰিব বিচাৰো৷ এপ্ৰিল মাহত শ্বাহৰ বয়স হৈছিল ৬০ বছৰ৷