Breaking

মনালিছা ছ’চাইটিৰ ‘আন্তৰ্জাতিক নাৰী দিৱস’ৰ আয়োজন…

0 31

প্ৰতি বছৰৰ দৰে এই বছৰতো মনালিছা ছ’চাইটিয়ে ‘আন্তৰ্জাতিক নাৰী দিৱস’ ৰ আয়োজন কৰিছে। এই উপলক্ষ্যে অহা ৬ মাৰ্চ বুধবাৰে মহানগৰীৰ বেলতলাত থকা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানতে সমাজৰ হকে বিভিন্ন মাধ্যমেৰে সেৱা আগবঢ়োৱা দহ গৰাকী বিশিষ্ট মহিলালৈ “অসম জননী বঁটা – ২০২৪” আগবঢ়োৱা হ’ব। এই সভাতে বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট সমাজ সেৱীকা প্ৰীতি শইকীয়াক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰিব।


নাৰী দিৱসৰ লগত সংগতি ৰাখি মনালিছা ছ’চাইটিয়ে এই বৰ্ষত ক্ৰমে কৰ্কট ৰোগত আক্ৰান্ত সকলৰ সৈতে দিনে নিশাই সেৱা আগবঢ়োৱা দ্বীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচৰ সম্পাদিকা মৃন্ময়ী বৰুৱা, প্ৰিয়বন্ধু খ্যাত অৰ্চনা বৰঠাকুৰ, আৰক্ষী অধীক্ষক (এছ বি) পূৰবী মজুমদাৰ, বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী, সমাজ সেৱিকা ও বিশিষ্ট লেখিকা ৰামিছা বেগম, সমাজ সেৱিকা বন্দনা জালান, গায়িকা ও সমাজ সেৱিকা ৰিচা ভৰদ্বাজ, সমাজ সেৱিকা ড: মচফিকা হুছেইন, সমাজ সেৱিকা হিমাদ্ৰী ভৰদ্বাজ আৰু সাংবাদিক পাপৰী বৰাক “অসম জননী বঁটা – ২০২৪” আগবঢ়োৱা হ’ব।


Leave A Reply