Breaking

ছুইছ বেংকত ভাৰতীয়ৰ জমাধন বৃদ্ধি

0 530

ছুইছ বেংকত ভাৰতীয় লোকৰ জমাধনৰ পৰিমাণ ২০,৭০০ কোটি টকালৈ বৃদ্ধি পাইছে৷ ১৩ বছৰৰ ভিতৰত ২০২০ চনত বিদেশী বেংকত ভাৰতীয় বিভিন্ন বিত্তীয় প্রতিষ্ঠান তথা ব্যক্তি বিশেষৰ জমাধনৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পোৱা দেখিবলৈ পাইছে৷ ছুইজাৰলেণ্ডৰ কেন্দ্রীয় বেংকটোৰ বার্ষিক প্রতিবেদনত কালি সদৰী হৈছে এই তথ্য৷ অৱশ্যে পূর্বৰ দৰে ধন জমা কৰা লোক বা প্রতিষ্ঠানৰ তথ্য সদৰী কৰা নাই বেংকটোৱে৷ এই সন্দর্ভত নতুন দিল্লী প্রশাসনেও কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

Leave A Reply