Breaking

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই কলেজৰ ছাত্ৰৰ পৰা লুটি নিলে ধন

0 2,023

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই দুজনকৈ কলেজীয়া ছাত্ৰৰ পৰা লুটি নিলে ধন। নগাঁও চহৰৰ মুকুট শৰ্মা চাৰিআলি আৰু নগাঁও ছোৱালী কলেজৰ সমীপৰ পদ সেঁতুৰ সমীপত আজি বিয়লি প্ৰায় চাৰি বজাত পৃথকে পৃথকে সংঘটিত হয় এই ডকাইতিৰ ঘটনা। নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি হোষ্টেল অভিমুখে খোজকাঢ়ি গৈ থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দুজনকৈ ছাত্ৰৰ পৰা মুঠ ২,৪০০ টকা দুৰ্বৃত্তই লুট কৰি নিয়ে । এজন ছাত্ৰৰ পৰা ভয়-ভাবুকিৰে নগদ চাৰিশ টকা কাঢ়ি নিয়াৰ বিপৰীতে দুৰ্বৃত্তই আন এজন ছাত্ৰৰ হাতত নগদ ধন নথকাত এ টি এম বুথৰ পৰা ২০০০ টকা উলিয়াই আনিবলৈকো বাধ্য কৰে। এই দুষ্কাৰ্য সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। নগাঁও চহৰৰ মাজ মজিয়াত দিনৰ পোহৰতে সংঘটিত এই ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিভিন্নজনে। ইপিনে, নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটত এগৰাকী যুৱতীৰ পৰা ম’বাইল থপিয়াই গণৰোষৰ বলি হ’ল এটা চোৰ। ৰাইজে চোৰটোক খেদি খেদি কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে। উল্লেখ্য যে, নগাঁও চহৰত সঘনাই সংঘটিত হ’বলৈ ধৰিছে এনে ধৰণৰ ঘটনা। একাংশ ড্ৰাগচ আসক্ত যুৱকে পথচাৰীৰ পৰা সোণৰ আ-অলংকাৰৰ উপৰিও ম’বাইল আদি কাঢ়ি নিয়া ঘটনা প্ৰায়েই সংঘটিত হ’ব ধৰিছে।

Leave A Reply