Breaking

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সমাজ শাস্ত্ৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই আনিলে নাজিৰাৰ মণি শইকীয়াই

0 2,063

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ সমাজ শাস্ত্ৰ বিষয়ত মণি শইকীয়াই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি নাজিৰা মহকুমা তথা শিৱসাগৰ জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । নাজিৰাৰ ঐতিৰ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈ সমাজ শাস্ত্ৰ বিষয়ৰ মুঠ ৪০০ নম্বৰৰ ভিতৰত ৩৩৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা মণি শইকীয়া নাজিৰাৰ মঠিয়াছিগা নাওঁ শলীয়া গাঁৱৰ নিবাসী বিনয় শইকীয়া আৰু চুনু শইকীয়াৰ কন্যা । এই কৃতিত্বৰ বাবে অঞ্চলটোৰ ৰাইজে আনন্দোল্লাসেৰে মণিক অভিনন্দন জ্ঞাপন কৰিছে ।

Leave A Reply