ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত এক সংবাদমেল যোগে কবি সমাজৰ উমৈহতীয়া মঞ্চ ‘সদৌ অসম কবি মঞ্চৰ’ অন্যতম প্ৰয়াস মাহেকীয়া ই-আলোচনী “প্ৰজ্ঞাৰ সন্ধানত” প্ৰথম বছৰ পঞ্চম সংখ্যা উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা বিশিষ্টা লেখিকা ড° ৰুণুমী দত্ত ডেকা,ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক ড° হিতেশ বৰ্মন, বিশিষ্ট সাংবাদিক ফাৰুক হুছেইন, মহেন্দ্ৰ কলিতা, অধিবক্তা জোন মহম্মদ আলী, সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামান, প্ৰধান সম্পাদক জিতু কাঞ্চন, যুটীয়া সম্পাদক অনু আফ্ৰিন, কাব্য সংকলন সম্পাদক অলকেশ কলিতা, কাৰ্যনিৰ্বাহক সদস্যা ৰিজুমণি বখতিয়াৰ, সংগীতা ডেকাৰ লগতে কেবাগৰাকী কবি। “প্ৰজ্ঞাৰ সন্ধানত” পঞ্চম সংখ্যা উন্মোচন কৰে অধ্যাপক ড° হিতেশ বৰ্মনে। “প্ৰজ্ঞাৰ সন্ধানত” সম্পাদনা কৰে জিতু কাঞ্চনে। উক্ত অনুষ্ঠানত কেবাগৰাকী কবিক হিতৈষী সভ্য আৰু আজীৱন সভ্যৰ মানপত্ৰ প্ৰদান কৰা হয়।