আছে গৰু নাবাই হাল ,হোৱাতকৈ নোহোৱাই ভাল ।এই আপ্ত বাক্য শাৰী এতিয়া আখৰে আখৰে প্ৰযোজ্য হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগত। প্ৰণিধান যোগ্য যে ওদালগুৰি জিলা ,টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগ উপ সংমণ্ডল অধীনত কেবল ওৰাং, ৰৌতা আৰু মাজবাটত অঞ্চলতে কুৰি খনৰো অধিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান কেন্দ্ৰ দীৰ্ঘদিন ধৰি বিকল হৈ আছে । কোটি কোটি টকা ব্যয় কৰাৰ পিছতো জিলা খনৰ ওৰাং, ৰৌতা আৰু মাজবাটৰ ভিন্ন এলেকাত অঞ্চল সমুহৰ ৰাইজক এটুপাল বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত পলাশ বস্তি, দফলা পোটা, নাহৰ ঝাৰ, পাঠকপুৰ ,গৰৈ মাৰী,মেৰাবিল, চিলংখুটি,ৰঙাপানী,ৰৌতা বাগান, ৰৌ মাৰী, কলবাৰী, শইকীয়া চুবুৰী,গেলাবিল ইত্যাদি কুৰি খনৰো অধিক পানী যোগান কেন্দ্ৰ স্থাপন কৰা হৈছিল । কিন্তু স্থাপন কৰা দিনৰে পৰা ৰাইজে এই কেন্দ্ৰ সমুহৰ জৰিয়তে আজি পৰ্য্যন্ত এটুপাল বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম নহল । বৰঞ্চ বিভাৰ্গীয কৰ্তৃপক্ষই কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা এই পানী যোগান কেন্দ্ৰ সমূহ এতিয়া জহি খহি যোৱাৰ ফলত মুল্যবান সম্পদ সমূহ এপদ এপদকৈ তাতে নোহোৱা হবলৈ আৰম্ভ কৰিছে ।তথাপি বিৰ্ভাগীয় কৰ্তৃপক্ষই পানী যোগান কেন্দ্ৰ কেইটা কাৰ্য্যক্ষম কৰি তোলাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । কিন্তু এই খিনিতে উল্লেখ যোগ্য আৰু পৰিতাপৰ কথা যে ওৰাং, ৰৌতা আৰু মাজবাট বৃহৎ এলেকাক সামৰি স্থাপন কৰা ওৰাং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো ওৰাঙৰ পৰা স্থানান্তৰ কৰি মঙলদৈত স্থাপন কৰাৰ ক্ষেত্ৰত বিৰ্ভাগীয বিষয়া সকল কিন্তু পিছ পৰি নাথাকিল । ওৰাঙত থকা কাৰ্য্যালয়টো কৰ্মচাৰী সকলৰ সুন্দৰ আবাস গৃহ,বিষয়া সকলৰ কাৰ্যালয়, গুদামঘৰ ইত্যাদি সকলো বোৰ সুবিধা থকাৰ পাছতো কি উদ্দেশ্যত ওৰাঙৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো মঙলদৈ স্থানান্তৰ কৰা হল সেযা এক নুবুজা সাঁথৰ হৈয়ে থাকিল । ওদালগুৰি জিলাৰ টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত থকা ওৰাং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো মঙলদৈৰ পৰা পুনৰ ওৰাঙত স্থাপন কৰা আৰু কোটি কোটি টকা খৰচ কৰাৰ পিছতো ওৰাং, ৰৌতা ,মাজবাটত বিকল হৈ থকাৰ বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰ সমূহ অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ বিৰ্ভাগীয কৰ্তৃপক্ষক মাজবাটবাসী ৰাইজে দাবী উত্থাপন কৰিছে ।

