Breaking

গোসাঁইগাঁৱৰ কাশিয়াবাৰীত দুশতাধিক লৰা -ছোৱালীক খেলৰ প্ৰশিক্ষণ পাঠ্যক্ৰম মুকলি…

0 71

গোসাইগাঁও মহকুমাৰ কাশিয়াবাৰী আৰনাই খেল পথাৰত কাশিবাৰী সমন্বয় সমিতিৰ উদ্যোগত আজি ছাত্ৰ ছাত্ৰীৰ খেলৰ প্ৰতি উৎসাহ উদ্দীপনা যোগৱাৰ বাবে ৬০ দিনীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম মুকলি কৰা হয়।মুকলি কৰাৰ পূৰ্বে অতিথি সকলক এখনকৈ ফুলাম আৰনাইৰে সম্বৰ্ধনা জনোৱা হয়।খেল প্ৰশিক্ষণ পাঠ্যক্ৰম খন আনুষ্ঠানিককৈ মুকলি কৰে ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জিৰণ বসুমাতাৰীয়ে।

আজি খেলৰ প্ৰতি আকৃষ্ট হৈ দুইশতাধিক লৰা ছোৱালী আগবাঢ়ি অহাৰ বাবে সকলোকে ধন্যবাদ জনাই বিধায়ক জিৰণ বসুমাতাৰীয়ে কয় খেলক জীৱনৰ এটা অংগ হিচাবে লৈ উঠি অহা নৱ প্ৰজন্মৰ প্ৰতিজন লৰা ছোৱালীয়ে যাতে এজন এজনকৈ ভাল খেলুৱৈ হব পাৰে লগতে এজনকৈ ভাল খেলুৱৈ হৈ অঞ্চলটোত যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে ।

তাৰে আহ্বান জনায় বিধায়ক গৰাকীয়ে।খেল প্ৰশিক্ষণ পাঠ্যক্ৰম মুকলি অনুষ্ঠানত সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতা,বিৰেন্দ্ৰ নাৰ্জাৰী, কাশিবাৰী সমন্বয় সমিতিৰ সভাপতি ৰঞ্জিত বসুমাতাৰী,সম্পাদক পাউল টুডুৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

গোসাইগাঁওৰ পৰা আজিজুল হকৰ ৰিপৰ্ট

Leave A Reply