বিলাসীপাৰাৰ পশ্চিম সমষ্টিৰ বোৱাল কামৰী গাওঁত দুই শতাধিক পুৰুষ – মহিলা বিজেপিত যোগদান

পশ্চিম অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টি খনত ভাৰতীয় জনতা পাৰ্টিৰ মেডিকেল বিভাগৰ ৰাজ্যিক সদস্য তথা ধুবুৰী পূৱ জিলা কমিটিৰ প্ৰভাৰী ডঃ ছাইফুৰ ৰহমানৰ নেতৃত্বত বৃহস্পতিবাৰে বৰকান্দা গাওঁ পঞ্চায়তৰ বোৱাল কামৰী গাওঁত এখন জনসভাত চি,পি,আই,কংগ্ৰেছ,এ আই ইউ ডি এফ দলৰ প্ৰায় দুই শতাধিক পুৰুষ- মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । উল্লেখ্যোগ্য যে উক্ত জনসভা খনত উপস্থিত থাকে,ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সদস্য আশ্ৰাৱ আলী আদিকে ধৰি লগতে কেইবা গৰাকী দলীয় সতীৰ্থ বৃন্দ  উপস্থিত থাকে।

Related Articles