Breaking

পাঁচ শতাধিক কংগ্ৰেছ নেতা কর্মীয়ে দল ত্যাগ কৰি এ আই ইউ ডি এফত আনুষ্ঠানিক ভাৱে কৰিলে যোগদান

0 60

নগাঁও জিলাৰ ৮৪নং বটদ্ৰৱা সমষ্টিৰ কটহগুৰি পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰীত এ আই ইউ ডি এফৰ এখন যোগদান সভা অনুষ্ঠিত হৈ যায়।

এ আই ইউ ডি এফৰ নগাঁও জিলা সমিতিৰ সভাপতি বদৰুজ্জোহা চৌধুৰীৰ উপস্থিতিত আৰু বটদ্ৰৱা সমষ্টিৰ কমিটিৰ সভাপতি আবুল কাছেমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত যুৱ নেতা আবু হানিফৰ নেতৃত্বত কটহগুৰি পঞ্চায়তৰ কংগ্ৰেছৰ দলৰ প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে দল ত্যাগ কৰি এ আই ইউ ডি এফত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

যোগদান সভাখনত সমষ্টি কমিটিৰ কাৰ্য্যকৰী সভাপতি মৌলানা মুজ্জাম্মিল হুছেইন ,উপ সভাপতি ফকৰ উদ্দিন, সম্পদক ফইজুলহক, কাৰ্যালয় সম্পাদক মতিবুৰ ৰহমান,টুকটুকী গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হক আৰু আমলখি গাঁও পঞ্চায়তৰ সভাপতি শ্বেক নুৰুল্লাকে আদি কৰি এ আই ইউ ডি এফৰ প্ৰায় সহস্ৰাধিক সমৰ্থক উপস্থিত থাকে।

Leave A Reply