কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্যতম ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমম্পইজ ইউনিয়নে। ইউনিয়নে বিগত সম়য়চোৱাত নতুন পেন্সন নীতি বাতিল কৰা আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে। আনহাতে এই দাবীৰ সমৰ্থনত ইউনিয়নে আজি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁৱস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ ডেৰ ঘণ্টাজোৰা প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। কাৰ্যসূচীত ভাগ লোৱা পাঁচ শতাধিক শ্ৰমিক-কৰ্মচাৰীয়ে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰ হায় হায়, নতুন পেন্সন নীতি বাতিল কৰক, পুৰণি পেন্সন নীতি বাহাল ৰাখক, এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়ন জিন্দাবাদ, পেন্সন আমাৰ প্ৰাপ্য, ৰেলৱেক ব্যক্তিগতকৰণ কৰা নচলিব আদি ধ্বনি দি সদৰ কাৰ্যালয়ৰ বাকৰি উত্তাল কৰি তোলে।
কাৰ্যসূচীত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ভাগ লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিক চোকা সমালোচনা কৰি কয়-বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলক যিসকলে ১ জানুৱাৰী ২০০৪ চনৰ পিছত চাকৰিত মকৰল হৈছে তেওঁলোকক নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ আধাৰত পেঞ্চন দিয়া হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। ৰে’লৱেৰ কৰ্মচাৰী সকলে যি ধৰণে দিনে-নিশাই সেনা বাহিনীৰ দৰে তেওঁলোকৰ কৰ্মত নিয়োজিত হৈ দেশৰ প্ৰতি সেৱা আগবঢ়ায় তাৰ বিনিময়ত তেওঁলোকে পুৰণি পেঞ্চন বাহাল ৰাখিবলৈ দাবী জনায়। পেঞ্চন কৰ্মচাৰীৰ প্ৰাপ্য, ইয়াক বাতিল কৰা কাৰ্য কোনোপধ্যে মানি লোৱা নহ’ব। দৰকাৰ হলে অনাগত দিনত গণতান্ত্ৰিকভাবে ইয়াতকৈ আৰু অধিক প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হব বুলি ঘোষণা কৰে মুনীন্দ্ৰ শইকীয়াই।
আনহাতে কাৰ্যসূচীত ইউনিয়নৰ কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, কাৰ্যকৰী সভাপতি মধুসূদন দাস, উপ সভাপতি ত্ৰিদীপ মজুমদাৰ, যুটীয়া সাধাৰণ সম্পাদক দেবাশীস মুখাৰ্জী, প্ৰকাশ বৰ্মন আৰু ৰুবুল বৰুৱা, সাংগঠনিক সম্পাদক প্ৰণীতা মজুমদাৰ উপস্থিত থাকি নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল নকৰা পৰ্যন্ত ইউনিয়নে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে। কাৰ্যসূচীত ইউনিয়নৰ গুৱাহাটী শাখাৰ সম্পাদক অৰূপ কলিতা, নিৰ্মাণ বিভাগৰ মহা প্ৰবন্ধক কাৰ্যালয়ৰ শাখা সম্পাদক টংকেশ্বৰ বৈশ্যৰ উপৰি মহিলা শাখা আদিৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। উল্লেখ্য যে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে আজি একে সময়তে ইউনিয়নৰ পাঁচটা সংমণ্ডল আৰু পাচঁটা উপ সংমণ্ডলৰ উদ্যোগত পুৰণি পেন্সন নীতি বাহাল আৰু নতুন পেন্সন নীতি বাতিল কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।