Breaking

৩৫ বছৰে এক লাখৰো অধিক মৃতদেহ কটা নগাঁৱৰ দ্বীপলালৰ জীৱন গাঁথা

0 2,032

৩৫ বছৰে মই প্ৰায় এক লাখৰো অধিক মৃতদেহ প’ষ্টমৰ্টেম কৰিবলৈ কাটিছো। কিন্তু, যেতিয়াই কোনো শিশুৰ মৃতদেহ প’ষ্টমৰ্টেম কৰিবলৈ প’ষ্টমৰ্টেম টেবুলত থৈ হাতত ছাৰ্জিকেল ব্লেডখন তুলি লওঁ তেতিয়াই মোৰ হাত কঁপি উঠে। দুচকু সেমেকি উঠে। বৰ দুখ লাগে। হৃদয়ৰ গভীৰ কোণৰ পৰা এটা হুমুনিয়াহ কাঢ়ি এইদৰে মন্তব্য কৰিছিল দ্বীপলাল বাছফৰে। তিনিটা দশকৰো অধিক দিন ধৰি অতিশয় কৰ্কশ কামত নিয়োজিত হৈ থকা সত্বেও লোকজনৰ হৃদযত যে অনেক কোমলতা সোমাই আছে, সেয়া সাধাৰণ দৃষ্টিত ধৰিব নোৱাৰি। কিন্তু তেওঁৰ কথাই স্পষ্ট ৰূপে বুজাই দিলে যে পেটৰ তাড়নাত মৃতদেহ কটাৰ কাম কৰিলেও সেই কাৰ্যই তেওঁক ব্যথিত কৰি আহিছে।নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প’ষ্টমৰ্টেম কক্ষত ছুইপাৰ ৰূপে নিয়োজিত হৈ আছে দ্বীপলাল। চিকিৎসালয়ৰ মৰ্গ আৰু প’ষ্টমৰ্টেম কক্ষত মৃতদেহৰ লগত যাৰ এৰাব নোৱাৰা সম্পৰ্ক। সুদীৰ্ঘ ৩৫ বছৰে চিকিৎসালয়খনৰ প’ষ্টমৰ্টেম কক্ষত তেওঁ মৃতদেহৰ কটা (ফলা) কামত নিয়োজিত হৈ আছে। এই সময়ছোৱাত বিভিন্ন বয়সৰ ব্যক্তিৰ মৃতদেহ প’ষ্টমৰ্টেম টেবুলত তুলি লৈ ছাৰ্জিকেল ব্লেডেৰে কটাই হৈছে দ্বীপলালৰ প্ৰধান কাম। এই সুদীৰ্ঘ সময়ছোৱাত তেওঁ প্ৰায় একলাখৰো অধিক মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাটিছে। দ্বীপলাল নহ’লে চিকিৎসালয়খনত মৰণোত্তৰ পৰীক্ষা মুঠেই সম্ভৱ নহয়। কিয়নো তেওঁ মৃতদেহৰ পেট ফলাৰ পাছতহে তাক প্ৰত্যক্ষ কৰি চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লিখে। নিতৌ মৃতদেহৰ লগত ব্যস্ত থাকিলেও দ্বীপলালৰো আছে এখন সুকোমল হৃদয়। প’ষ্টমৰ্টেম টেবুলত কেতিয়াবা মৃতদেহ তুলি লৈ আবেগিক হৈ পৰে তেওঁ। দ্বীপলাল বাছফৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এজন চাফাই কৰ্মী ৰূপে চাকৰিত যোগদান কৰিছিল ১৮৮৬ চনত। প্ৰথম তিনিটা মাহ চিকিৎসালয়খনৰ অধীক্ষককৰ কাৰ্যালয়ত চাফাই কৰ্মচাৰী ৰূপে নিয়োজিত হোৱাৰ পাছত তেওঁক নিয়োগ কৰা হয় চিকিৎসালয়খনৰ মৰণোত্তৰ পৰীক্ষাৰ কক্ষত। তেতিয়াৰ পৰা আজি পৰ্যন্ত সুদীৰ্ঘ ৩৫ বছৰ কাল তেওঁ প’ষ্টমৰ্টেম কক্ষত মৃতদেহ কটা চিঙা কৰা কামত নিয়োজিত হৈ আছে। দ্বীপলালে আজি “দৈনন্দিন বাৰ্তাৰ” এই প্ৰতিবেদকৰ আগত কয়, “প্ৰথম যি দিনা প’ষ্টমৰ্টেম ৱাৰ্ডৰ টেবুলত মৃতদেহ এটা তুলি হাতত ছাৰ্জিকেল ব্লেড লৈ মৃতদেহ কাটিছিলো, তেতিয়া ভয় লাগিছিল। মনটো ভাল লগা নাছিল। প্ৰথম তিনিমাহমান ভালকৈ শুব পৰা নাছিলো। সপোনত মই প’ষ্টমৰ্টেম টেবুলত কটা মৃতদেহ বোৰ দেখা পাইছিলো। প্ৰথমে হাত কঁপিছিল। এতিয়া আৰু নকঁপে। এই কামেই যিহেতু মোৰ কৰ্ম, মোৰ কৰ্তব্য কৰি গৈছো, অতি নিষ্ঠাসহকাৰে।’ তেওঁ আৰু কয়- ,’ ৩০বছৰ মানৰ আগৰ কথা। প’ষ্টমৰ্টেম টেবুলত এজনী কণমানি ছোৱালীৰ মৃতদেহ তুলি লৈ যেতিয়া প’ষ্টমৰ্টেম কৰিবলৈ হাতত ছাৰ্জিকেল ব্লেড তুলি লৈছিলো সেইদিনা বুকুখন বেদনাত বিষাইছিল। মোৰ হাত দুখন থৰথৰকৈ কঁপিছিল। দুচকু সেমেকি উঠিছিল। সেইদিনা মই ভাত খাব পৰা নাছিলো। আত্মহত্যা কৰা, দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা, অস্বাভাৱিক মৃত্যু হোৱা লোকৰ মৃতদেহবোৰ প’ষ্টমৰ্টেম টেবুলত তুলি লৈ ছাৰ্জিকেল ব্লেডেৰে বুকুৰ পৰা তল পেটলৈ ফালিব লাগে দ্বীপলালে। তেওঁ এই‌ কামটোকে কৰি আহিলেও আজিও যিকোনো শিশুৰ মৃতদেহ প’ষ্টমৰ্টেম টেবুলত দেখিলেই তেওঁক দুখে হেঁচা মাৰি ধৰে বুলি অকপটে প্ৰকাশ কৰি‌ আৰু কয়- ‘সেই কাম বৰ কষ্টকৰ।’ দুৰ্ঘটনাত মৃত্যু হোৱা কোনো শিশুৰ মৃতদেহ যেতিয়া প’ষ্টমৰ্টেমৰ কৰিবলৈ আনে, তেতিয়া অভিভাৱকসকলে প’ষ্টমৰ্টেমৰ বাবে কাটিব নিদিয়ে। কান্দোনত গগন ফালে তেওঁলোকে। মোৰো বৰ দুখ লাগে। ডেকা-গাভৰুৰ মৃতদেহো প’ষ্টমৰ্টেমৰ কাৰণে কাটিবলৈ বেয়া লাগে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পষ্টমৰ্টেম  কৰিবলৈ দৈনিক কমেও পাঁচটা মৃতদেহ অনা হয় বুলি প্ৰকাশ কৰি দ্বীপলালে কয় কেতিয়াবা মৃতদেহ ১৫টা পৰ্যন্ত  হয়গৈ । ১৯৯২ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত নিহত অবিভক্ত নগাঁও জিলাৰ ৫৬ জন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মই নিজ হাতেৰেই ফালিবলৈয়া হৈছিল। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰায় একলাখৰো অধিক মৃতদেহ ছাৰ্জিকেল ব্লেডেৰে কাটিও ক্লান্ত  নোহোৱা দ্বীপলালে নিজকে উপেক্ষিত বঞ্চিত বুলিও অনুভৱ  কৰে।তেওঁ অতি আপেক্ষেৰে কয় , ʼপ’ষ্টমৰ্টেম কৰিবলৈ একোটা মৃতদেহ প’ষ্টমৰ্টেম টেবুলত তুলি লৈ কটা- ছিঙা  কৰাটো ইমান সহজ কাম নহয়। ইমান নিষ্ঠাৰে এই কাম কৰি গৈছো, তথাপি আমাক চৰকাৰে একো সুবিধা দিয়া নাই। কেৱল দৰমহাহে পাওঁ। কিন্তু প’ষ্টমৰ্টেমৰ বাবে বিশেষ পোছাক দিব লাগে যদিও নিদিয়ে। একেযোৰ কাপোৰে প’ষ্টমৰ্টেম ৱাৰ্ডটো পিন্ধো ঘৰতো পিন্ধো। প’ষ্টমৰ্টেম কৰোতে কেতিয়াবা কাপোৰ তেজেৰে ৰঙা হৈ যায়। আমাক এখন মাক্স আৰু এযোৰ গ্ল’ভছ’ দিয়া হয় যদিও পোছাকো দিব লাগে।তাৰ ওপৰিও থাকিবলৈ যিটো জুপুৰী সদৃশ আৱাসগৃহ দিছে তাত মাত্ৰ এটা কোঠা। তাতেই বিভিন্ন অসুবিধা মাজেৰেবাস কৰিছো। ঘৰ দিলেও শৌচালয়ৰ কোনো ব্যৱস্থা নাছিল। পাছত সেইবোৰ মই নিজে পকেটৰ টকা খৰচ কৰি তৈয়াৰ কৰি লৈছো।’ উল্লেখযোগ্য যে দ্বীপলালৰ চাৰিজনীয়া সংসাৰ। তেওঁৰ পত্নী পুত্ৰ আৰু বোৱাৰী আটায়ে এটি সৰু কোঠাৰ সৰু চৰকাৰী আৱাসগৃহটোত থাকে। অৱশ্যে পুত্ৰই একেখন চিকিৎসালয়তে চতুৰ্থ বৰ্গৰ  এটা পদত কাম কৰে। দ্বীপলালে কয়- আমিওতো মানুহ, আমাৰ কথা চৰকাৰে কিয় নাভাবে। মই কৰি থকা কামটো ইমান সহজ কাম নহয়। কেতিয়াবা বৰ দুখ লাগে। কেতিয়াও জীৱনত এটুপি মদ মুখত দিয়া নাই। যি কাম কৰিছো সততাৰে, নিজৰ দ্বায়িত্ব বুজি কৰিছো। মৃতদেহ হ’লেও মানুহৰ মৃতদেহ কটা- চিঙা কৰাটো ইমান সহজ কাম নহয়।’

Leave A Reply