ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা। সমগ্ৰ বিশ্বই জানে ৰতন টাটাৰ নাম। টাটা গ্ৰুপ কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে অন্যতম প্ৰধান ব্যৱসায়িক প্ৰতিষ্ঠান। ভাৰত তথা বিশ্বৰ বৃহত্তম প্ৰতিষ্ঠান টাটা গ্ৰুপ।ভাৰতীয় আগশাৰীৰ ব্যৱসায়ীসকলৰ ভিতৰত ৰতন টাটা অন্যতম।তথ্য অনুসৰি টাটা কোম্পানীৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৮.৩৩ লাখ কোটি আনফালে মুকেশ আম্বানীৰ ৰিলায়েন্স কোম্পানীৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৬.৩ লাখ কোটি টকা।কিন্তু বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত উঠা নাই ৰতন টাটাৰ নাম। মুকেশ আম্বানীতকৈ ৰতন টাটা পিছ পৰি থকাৰ কাৰণ হ’ল আম্বানীৰ ৰিলায়েন্স গ্ৰুপ পৰিচালনা কৰা হয় তেওঁৰ পৰিয়ালৰ দ্বাৰা আনহাতে টাটা কোম্পানীৰ সকলো কাম-কাজ পৰিচালনা হয় টাটা টাষ্ট্ৰৰ দ্বাৰা।গতিকে এই কোম্পানীৰ ৰতন টাটা মালিক নহয়, চেয়াৰমেনহে। টাটা কোম্পানীয়ে উপাৰ্জন কৰা সৰহ সংখ্যক ধনৰ জৰিয়তেই সমাজৰ বিভিন্ন কল্যাণমূলক কাম কৰে।
বৰ্তমান টাটা ট্ৰাষ্টৰ দেশত আছে কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠান আৰু চিকিৎসালয় ৷টাটা কোম্পানীয়ে ৬৬ শতাংশ ধন দান কৰে টাটা ট্ৰাষ্টক, যাৰ জৰিয়তে সকলো কল্যাণমূলক কাম-কাজ কৰা হয়।টাটা ট্ৰাষ্টৰ জৰিয়তে মানৱ কল্যাণৰ বাবে ব্যয় কৰে বিশাল অংকৰ ধন। টাটা গ্ৰুপৰ আয়ৰ ৬৬ শতাংশ ধন জনকল্যাণমূলক কামৰ বাবে খৰচ কৰা হয়। ৰতন টাটাই মানুহৰ কল্যাণৰ বাবে বহু কামেই কৰি থাকে। সেইকাৰণেই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হ’ব পৰা নাই ৰতন টাটা।এই সকলোবোৰ ধন যদি ৰতন টাটাই দান নকৰিলে হয়, বৰ্তমান ৰতন টাটাই দেশৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থান দখল কৰিলেহেতেন।