ঐতিহ্যমণ্ডিত মৰিগাঁও ৰজাগাঁৱৰ আহঁততলিত আজিয়ে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৩৩ সংখ্যক মৰিগাঁও নগৰ বিহু সন্মিলনৰ ৰঙালী বিহু উৎসৱটি সাম্প্ৰতিক ক’ৰোণা পৰিস্থিতিৰ বাবে সাময়িক ভাৱে স্থগিত ৰখা হৈছে।আজি ২৫ আৰু ২৬ এপ্ৰিলত দুদিনীয়া বৃস্তিত কাৰ্যক্ৰমনিকাৰে আয়োজিত হ’ব লগা আঁহততলিৰ নগৰ ৰঙালী বিহু সন্মিলনৰ সমূহ বিহুৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে।এই সন্দৰ্ভত কালি বিহু আয়োজক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে, নগৰ বিহু সন্মিলনৰ বিহু উৎসৱ উপলক্ষে হ’ব লগা উপহাৰ কুপনৰ খেলখন অহা ৮ মে’ৰ বিয়লি ভাগত ৰজাগাঁও আঁহততলিৰ বাকৰিত অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিৰ সভাপতি শৰৎ ডেকা, কাৰ্যকৰী সভাপতি ধৰণী গোহাঁই আৰু সম্পাদকদ্বয় ভদ্ৰেশ্বৰ ডেকা আৰু কুলিন বৰাই সদৌটি ৰাইজক ৰাইজক জানিবলৈ দিছে।

