
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰে নৱম আন্তৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি মৰিগাঁও সংৰক্ষিত আৰক্ষী চাউনি চৌহদত মৰিগাঁও জিলা প্ৰশাসনে ধুমধামেৰে উদযাপন কৰে নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ২ ঘণ্টীয়া যোগ অনুষ্ঠানটো আনুষ্ঠানিক বিষয়বস্তুৰ ওপৰত ”বসুদেৱ কুটুম্বকমৰ বাবে যোগ” যিয়ে এটা পৰিয়াল, এটা ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে ।

উক্ত ”যোগ ”কাৰ্যসূচীটো প্ৰশিক্ষণ প্রাপ্ত যোগ শিক্ষকৰ দ্বাৰা যোগাভ্যাস কৰা হয়। উপায়ুক্ত দেৱাশীষ শৰ্মা আই এ এছ, মুখ্য কাৰ্যবাহী বিষয়া খীতিশ চ.পেগু, এছ পি হেমন্ত কুমাৰ দাস, এ ডি চি দ্যোটিভা বৰা, ডঃ সংগীতা বৰঠাকুৰ, বিমান দাস, প্ৰাঞ্জল বৰা আৰু অন্যান্য বিষয়া আৰু কৰ্মচাৰী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটি সফল্যমণ্ডিত কৰি তুলে।
লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

