Breaking

AADMA ৰ মৰিগাঁও জিলা কমিটি গঠন, তোফাইল আহমেদক যুটীয়া সম্পাদক (প্ৰশাসনিক)ৰ দায়িত্ব অৰ্পণ

0 36

৭ জানুৱাৰী দেওবাৰে মৰিগাঁও পৌৰসভাৰ প্ৰেক্ষাগৃহত মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ ডিজিটেল মেডিয়াৰ সাংবাদিকসকলৰ উপস্থিতিত All Assam Digital Media Association চমুকৈ AADMA ৰ মৰিগাঁও জিলা কমিটি গঠন কৰা হয়।

এই সন্থাৰ জড়িয়তে অসমৰ ডিজিটেল মেডিয়াৰ সৈতে জড়িত সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা তথা ডিজিটেল মেডিয়াৰ সাংবাদিকসকলক বৈদ্যুটিক সংবাদ মাধ্যম আৰু ছপা সংবাদ মাধ্যমৰ সমান মৰ্যদা দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লগতে ডিজিটেল মিডিয়া সমূহে যাতে চৰকাৰী বিজ্ঞাপন, জনসংযোগ বিভাগৰ অনুমোদিত পৰিচয় পত্ৰ লাভ কৰে তাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত কেন্দ্ৰীয় কমিটিৰ মুখ্য সাংগঠনিক সম্পাদক আব্দুল্লাহেল কাফে, সাংগঠনিক সম্পাদক ইমামুল হুছেইন চৌধুৰী আৰু কেন্দ্ৰীয় কমিটিৰ সংগঠক তথা মৰিগাঁও জিলাৰ সংগঠনটোৰ নিৰ্দেশক নেকিবুৰ ৰহমান হাজৰিকাৰ উপস্থিতিত সৰ্ব সন্মতি মৰ্মে সুশীল নাথক উপদেষ্টা, নেকিবুৰ ৰহমান হাজৰিকাক ভাৰপ্ৰাপ্ত সভাপতি তথা ৰাজ্যিক প্ৰতিনিধি, এনামুৰ ৰহমানক কাৰ্যকৰী সভাপতি, পুলিন কাকতিক উপ সভাপতি, দীপক কুমাৰ ডেকাক সাধাৰণ সম্পাদক, অসম দৈনিকৰ স্বত্বাধিকাৰী তথা আইনৰ ছাত্ৰ তোফাইল আহমেদক যুটীয়া সম্পাদক ( প্ৰশাসনিক ), কিশোৰ ডেকা ৰজাক সাংগঠনিক সম্পাদক, ৰাহুল ডেকাক সম্পাদক, পিংকু দাসক কোষাধ্যক্ষ, তামজিদুৰ ৰহমানক সহ: সম্পাদক, আনোৱাৰ হুছেইনক সহ: সম্পাদক , মনোৰঞ্জন মহন্তক সহ: সম্পাদক, আব্দুল হানিফক সহ: সম্পাদক আৰু সদস্য সংগঠক ক্ৰমে ছাজিদ আহমেদ, ছামচুল হক ( বাবুল ), ছাদ্দাম হুছেইন, আব্দুল বাছিদক দায়িত্ব দিয়া হয় । উল্লেখ্য যে AADMA ৰ প্ৰথমটো মৰিগাঁও জিলা কমিটি গঠন কৰা হয়।

Leave A Reply