Breaking

সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰত উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভূমিকা শীৰ্ষক মৰিগাঁও জিলা সাহিত্য সভাৰ আলোচনা চক্ৰ

0 59

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা মৰিগাঁও জিলা সাহিত্য সভাই শেহতীয়াকৈ সভাপতি মহেন্দ্ৰ শইকীয়া আৰু সম্পাদক ড০ অচুৎ দাসৰ নেতৃত্বত জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন উপ সমিতিসমূহৰ তত্বাৱধানত বিভিন্ন প্ৰভাৱী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

তাৰে অংশস্বৰূপে শনিবাৰে দিনৰ ১১. ৩০ বজাত গবেষণা উপ সমিতিৰ উদ্যোগত আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰাঙ্গণত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰত উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভূমিকা শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ।

জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনি শুভ উদ্বোধন কৰি মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে নৱ প্ৰজন্মই সত্ৰীয়া কলা-সংস্কৃতি চৰ্চাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

আদৰণি ভাষণ প্ৰদান কৰি ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিষ্ণুপ্ৰসাদ উপাধ্যায়ে গৱেষণা উপ-সমিতিৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপক আদৰণি জনায় আৰু শলাগ লয়। আলোচক হিচাপে উপস্থিত থাকি জাগীৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, জাগীৰোড সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা মৰিগাঁও জিলা সাহিত্য সভা গবেষণা উপ সমিতিৰ সভাপতি বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ গৱেষক ড০ খগেন শৰ্মাই উক্ত বিষয়ৰ ওপৰত তথ্য সমৃদ্ধ বক্তব্য আগবঢ়াই।

তেখেতে সত্ৰীয়া সংস্কৃতিৰ অন্যতম আধাৰ উদাসীন পৰম্পৰাৰ সত্ৰানুষ্ঠানৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি এই পৰম্পৰা বিভিন্ন কাৰণত শেহতীয়াকৈ সংকটৰ সন্মুখীন হোৱাত উদ্বেগ প্ৰকাশ কৰি এই অতুল্য পৰম্পৰাক ধৰি ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

লগতে এই বিষয়ত ন ন গৱেষণা আৰু চৰ্চাৰো যথেষ্ট থল আছে বুলি উল্লেখ কৰে। উক্ত আলোচনাচক্ৰত মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ড০ অচুৎ কুমাৰ দাস, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰ, গবেষণা উপ সমিতিৰ সম্পাদিকা ৰূপা শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ কেইবাগৰাকীও প্ৰাক্তন সভাপতি, উপ-সভাপতি প্ৰমুখ্যে মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু সাহিত্যনুৰাগী ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই গৱেষণা উপ-সমিতিৰ আহ্বায়ক ড০ আব্দুল কাইউম ওচমানীয়ে । অনুষ্ঠানত দীপমালা দেৱী, আস্থা পাতৰ আৰু স্মৃতা ডেকাই সত্ৰীয়া নৃত্যৰ বিভিন্ন মুদ্ৰা আৰু ভঙ্গীমাৰে সত্ৰীয়া পৰম্পৰাৰ অনুপম চানেকি দাঙি ধৰিবলৈ প্ৰয়াস কৰে।

Leave A Reply