মৰিগাঁও বিদ্যুত মাচুল লোৱা ক্ষেত্ৰত খাব লগা হৈছে জলাকলা। মৰিগাঁও সংমণ্ডল বিদ্যুত বিভাগৰ কৰ্মচাৰী।তেওঁলোকে জানিব দিয়া মতে বিপিএল আৰু এপিএল থকা লোকে মাহিলী বিল সময় মতে আদায় দি আহিছে ।কিন্তু কিছু লোকে বিদ্যুত চুৰিৰ দ্বাৰা কৰি ঘৰত ব্যৱহাৰ কৰি আছিল ।বিশেষ সূত্ৰে গম পাই বিদ্যুৎ চুৰি কৰা এলেকাত বিদ্যুৎ কৰ্তন কৰি বিদ্যুৎ সামগ্ৰী জব্দ কৰাত বিদ্যুত কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰে। যোৱা ২৬ আগষ্টত মৰিগাঁও সংমণ্ডল বিদ্যুত বিভাগৰ এলেকাধীন বৰিগাঁও,দলবাৰি,দন্দুৱা এলেকাত বিদ্যুত চুৰি কৰি লোৱা লোকৰ পৰা বিদ্যুত কৰ্তন কৰি বিদ্যুৎ সামগ্ৰী সমূহ জব্দ কৰাৰ বাবে বিদ্যুত কৰ্মচাৰী লগত গাঁৱৰ লোকৰ বাক যুদ্ধ আৰম্ভ হয়।

