মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ সৰ্বৰাহকাৰীৰ ওপৰত গুলিচলনা।যোৱা কালি আৰক্ষীয়ে ড্ৰাগছ কঢ়িয়াই আনোতে জেহিৰুল ইছলাম সহ আৰু ব্যাক্তি আৰু এগৰাকীমহিলাক আটক কৰিছিল।ড্ৰাগছখিনিৰ ব্যক্তি কেইজনে AS02CC0989 নম্বৰ টাটা মোবাইল গাড়ীৰে লাহৰিঘাত পৰা মৈৰাবাৰী অভিমুখে কঢ়িয়াই আনোতে দাঁতিয়ালবৰীত আৰক্ষীয়ে জব্দ কৰিছিল।আৰক্ষীয়ে প্ৰায় তিনি কোটি টকাৰ 390 গ্ৰাম ড্ৰাগছ জব্দ কৰিছিল জেহিৰুলৰ পৰা।
মৈৰাবাৰী আৰক্ষীৰ জেৰাত অধিক ড্ৰাগছ লুকুৱাই ৰখাৰ তথ্য প্ৰকাশ কৰিছিল গুলিবিদ্ধ জেহিৰুলে।নিশা অধিক ড্ৰাগছ উদ্ধাৰ বাবে অভিযান চলাব যাওঁতে মৈৰাবাৰীৰ বৰজান দলঙৰ সমীপত গাড়ীৰ পৰা জঁপিয়াই পলায়ান কৰিছিল জেহিৰুলে।তাৰ পিছত আৰক্ষীযে প্ৰথমে শূণ্যলৈ গুলিছলনা কৰে যদিও পিছত ভৰিত গুলিয়াব বাধ্য হয় জেহিৰুলক।
পূৰ্বতে ড্ৰাগছৰ লগত জড়িত কেইবাটাও গোচৰ ৰুজু আছে জেহিৰুলৰ ওপৰত।

