১৪ বাৰ গৰ্ভধাৰণৰ চেষ্টা কৰিও হ’ব নোৱাৰিলে মাতৃ! ছলমান খানৰ পৰামৰ্শত পিতৃ-মাতৃ হ’ল কাশ্মীৰা-কৃষ্ণ…

১৪ বাৰ গৰ্ভধাৰণৰ চেষ্টা কৰিও হ’ব নোৱাৰিলে মাতৃ! ছলমান খানৰ পৰামৰ্শত পিতৃ-মাতৃ হ’ল কাশ্মীৰা-কৃষ্ণ। ২০১৩ চনত কাশ্মীৰা আৰু কৃষ্ণৰ বিবাহ হয়। বিবাহৰ চাৰি বছৰৰ পাছত ২০১৭ চনত দুয়োজন পিতৃ-মাতৃ হয়। অৱশ্যে পিতৃ-মাতৃ হোৱাটো তেওঁলোকৰ বাবে ইমান সহজ নাছিল। কাশ্মীৰা শ্বাহ আৰু কৃষ্ণ অভিষেক টিভি উদ্যোগৰ এহাল বিখ্যাত দম্পতী। কাশ্মীৰা আৰু কৃষ্ণৰ সম্পৰ্ক বহুত ভাল, বহুবাৰ কপিল শৰ্মাৰ শ্ব’লৈ আহিছে দুয়ো। অৱশ্যে আজি আমি আপোনালোকক ক’ম কাশ্মীৰা আৰু কৃষ্ণ অভিষেকৰ পিতৃ-মাতৃ হোৱাৰ আঁৰৰ কাহিনী বিষয়ে। কাশ্মীৰাই ১৪ বাৰ মাতৃ হোৱাৰ চেষ্টা কৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কাশ্মিৰাই এবাৰ বা দুবাৰ নহয় ১৪ বাৰ গৰ্ভধাৰণৰ চেষ্টা কৰিছিল যদিও সফলতা লাভ কৰিব নোৱাৰিছিল। আনহাতে বাৰে বাৰে বিফলতাৰ বাবে কাশ্মীৰাই আইভিএফ কৌশলৰ জৰিয়তেও গৰ্ভধাৰণৰ চেষ্টা কৰিছিল। কোৱা হয় যে আই ভি এফৰ কাৰণে কাশ্মীৰাৰ ওজনো বহুত বাঢ়ি গৈছিল। অৱশ্যে ইয়াৰ মাজতে ছলমান খানে কৃষ্ণ অভিষেক আৰু কাশ্মীৰী শ্বাহক এনে উপদেশ দিছিল যিয়ে তেওঁলোকৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল।

ছলমান খানে কৃষ্ণ অভিষেক আৰু কাশ্মীৰা শ্বাহক চেৰ’গেচিৰ জৰিয়তে কেঁচুৱাৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিছিল। কোৱা হয় যে ছলমান খানৰ এই উপদেশত আগবাঢ়ি গৈ কাশ্মীৰা আৰু কৃষ্ণই চেৰ’গেচিৰ জৰিয়তে দুটা সন্তানৰ পিতৃ-মাতৃ হ’ল। অৱশ্যে কাশ্মীৰা নিজৰ ফিগাৰৰ প্ৰতি অতি সচেতন আছিল বুলিও কোৱা হয়, যাৰ বাবে তেওঁ চেৰ’গেচি বাছি লৈছিল। অৱশ্যে কাশ্মীৰাৰ মতে এনেকুৱা একো হোৱা নাছিল অৰ্থাত ছলমান খানে একো পৰামৰ্শ দিয়া নাছিল আৰু সেয়া আছিল মাথোঁ এক উৰাবাতৰি।

Related Articles