Breaking

মুছলমান যুৱতীক সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে বিয়া দিলে পালিত মাতৃয়ে

0 1,119

মঙলদৈ হিৰাপাৰাত এখন ব্যতিক্ৰম বিবাহ । এগৰাকী মুছলিম যুৱতীক সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে ঘৰৰ পৰা উলিয়াই দিলে পালিত মাতৃয়ে ।যোৱা প্ৰায় ৬ বছৰ ধৰি মঙলদৈ খাটনিয়া পাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশীয়ে জৰীফুল বেগম নামৰ এগৰাকী দৰিদ্ৰ মুছলিম যুৱতীক নিজ কন্যাৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। আজি সেই গৰাকী ছোৱালীৰ খাটনিয়াপাৰাৰে তবিবুৰ ৰহমানৰ সৈতে বিবাহ সম্পন্ন হ’ব।যদিও বিবাহ খন ইছলামধর্মীয় নিয়মত হব তথাপি আজি পালিত মাতৃ অনিতা ৰাজবংশীয়ে হিৰাপাৰাৰ ঘৰ খনৰ পৰা জৰীফুল বেগমক উলিয়াই দিয়া সময়ত সম্পূৰ্ণ হিন্দু নিয়ম অনুসৰি ঘৰৰ পৰা উলিয়াই দিয়ে।


ঘৰৰ পৰা উলিয়াই দিয়াৰ সময়ত আবেগিক হৈ পৰে পালিত মাতৃ, ওচৰ চুবুৰীয়া লোক সকল ।এনে মৰম পায় আৱেগত কান্দি দিয়ে কইনা জৰীফুল বেগমেও।গহনা, কাপোৰ, ফাৰ্নিচাৰ সকলো লগত দি উলিয়াই কইনাজনীক ।ওচৰ চুমুৰীয়াই ও মৰমেৰে উপচাই দিয়ে মৰম লগা কইনা জনীক।

Leave A Reply