মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত লাহৰীঘাট গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ধিঙ্গৰআটি গাৱঁৰ এক সন্তানৰ মাতৃ যোৱা ২ নবেম্বৰত পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দিছে। ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ধিঙ্গৰআটি গাৱঁৰ বাবুল ইছলামে সামাজিক ৰীতি নীতি অনুযায়ী ৪/৫ বছৰ আগতে নগাঁও জিলাৰ কচুৱাৰ শিংমাৰীৰ ফিৰুজা খাতুনক বিয়া কৰিছিল, আৰু সুন্দৰ সংসাৰো চলি আছিল লগতে দুয়োৰে এটি চাৰে তিনি বছৰীয়া পূত্র সন্তানো আছে। বাবুল ইছলাম দৰিদ্ৰ হোৱা হেতুকে জীৱিকা নিৰ্বাহৰ পথ হিচাপে কৰ্ম সূত্রে কেৰালাত কাম কৰিবলৈ গৈছিল। নিৰুদ্দেশ হোৱা বাবুলৰ পত্নী ফিৰুজা খাতুনে স্বামীৰ ঘৰৰ পৰা চিকিৎসা কৰিবলৈ যোৱা বুলি কৈ ওলাই গৈছিল,কিন্তু লক্ষনীয় বিষয় যে যাওতে নিজৰ ফুল কুমলীয়া পূত্র সন্তানটিক লগত নিয়া নাছিল। কান্ধোনত ভাগি পৰিছে কনমানি শিশুটি। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দিয়া মহিলা গৰাকীৰ সন্ধান পায় তেন্তে 9365187853 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ