নদুৱাৰৰ জয়সিদ্ধি মধুপুৰ গাঁৱৰ দুই সন্তানৰ মাতৃ নিৰুদ্দেশ! তিনিমাহে সন্ধান নাই বোৱাৰীগৰাকীৰ

নদুৱাৰ অঞ্চলৰ জয়সিদ্ধি মধুপুৰ গাঁৱৰ বুবু নাথ নামৰ যুৱক গৰাকীৰ পত্নী নিতু দেৱী বৰুৱা (২৭) নামৰ বোৱাৰী গৰাকী আজি তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই স্বামী আৰু পৰিয়ালবৰ্গক চিন্তিত কৰি তোলাৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷পৰিয়ালৰ সূত্ৰে জানিৱ পৰা মতে তিনিমাহৰ পূৰ্ব্বৰ এটি নিশা স্বামী আৰু সন্তানক শোৱনী কোঠাতে এৰি বাহিৰলৈ যোৱা পত্নী পুৱা পৰ্যন্ত ঘুৰি নহাত চিন্তিত হৈ স্বামীয়ে চাৰিওফালে বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ নেপালে৷ ৰোগীয়া স্বামী বুবু নাথৰ লগতে ন(৯) বছৰীয়া আৰু তিনি(৩) বছৰীয়া দুটিকৈ কনমানি পুত্ৰ সন্তান ক ঘৰত এৰি থৈ নিশাৰ ভাগত ওলাই যোৱা মাতৃ নিতু দেৱীৰ সন্ধান বিছাৰি বহুদিন ধৰি  আত্মীয়ৰ ঘৰত খৱৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটিয়ে৷

স্বামীৰ অভিযোগ অনুসৰি অচিনাক্ত এজন যুৱকে  তেওৰ পত্নীক ভূৱা প্ৰেমৰ চালনাৰে পলুৱাই  নিছে৷যিহেতু পূৰ্ব্বতে নিতু দেৱী নামৰ সুন্দৰী পত্নীৰ সৈতে ফোনত কথা পতা আৰু মেচেজ সমুহ তেঁও দেখা পাইছিল৷ অৱশেষত উপায়হীন হৈ স্বামী বুবুল নাথে ইটাখোলা আৰক্ষী চকীত পত্নীৰ নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়৷আৰক্ষীয়ে বোৱাৰী গৰাকীৰ নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুং সূত্ৰ বিচাৰি পোৱা নাই৷সদাশয় লোক সকলে দুটি পুত্ৰ সন্তানৰ মাতৃ বোৱাৰী গৰকীৰ সন্ধান পালে ৯১০১৪১৫০৯৫ (9101415095 )নম্বৰ ফোনৰ জৰিয়তে খৱৰ দিবলৈ স্বামী বুবুল নাথে অনুৰোধ জনাইছে৷লগতে দুটাকৈ কনমানি পুত্ৰ সন্তানৰ ভৱিষ্যত জীৱনৰ কথা ভাবি হলেও ঘৰলৈ ওভতি আহিবলৈ বোৱাৰী নিতু দেৱী ক আহৱান জনাইছে স্বামী আৰু পৰিয়ালবৰ্গৰ লগতে স্হানীয় ৰাইজে৷

Related Articles