Breaking

ৰঙিয়াত সন্ধানহীন দুইবছৰীয়া কন্য সন্তানসহ মাতৃ

0 2,033

ৰঙিয়া মহকুমাৰ অন্তৰ্গত কুমাৰপাটা গাওঁত দিন দুপৰতে মাতৃ-কন্যা সন্ধানহীন হোৱাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছেষ  । কেবাদিন ধৰি ৰঙিয়াৰ কুমাৰপাটাৰ পৰা সন্ধানহীন হৈ আছে জেৰিফা ওৱাহেদা (২১) আৰু কন্যা আলিফা জান্নাত (২) । যোৱা বুধবাৰ ২৩ তাৰিখ দুপৰীয়াৰে পৰা সন্ধানহীন হৈ আছে এজনী দুই বছৰীয়া কন্যসন্তানসহ মাতৃ । জানিবপৰা মতে ওচৰৰে দোকান এখনলৈ ঘৰুৱা বজাৰ আনিব গৈ নিখোজ হৈ আছে ওৱাহেদা আৰু তেওৰ কন্য সন্তানটি। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান উলিয়াব পৰা নাই । গাঁৱৰ পৰা এনেদৰে দিন দুপৰতে হঠাৎ মাতৃ-কন্যা  নিখোজ হোৱাত দুখত ভাগি পৰিছে স্বামী আৰু তেওৰ আত্মীয় সকল । উল্লেখ্যযে ৰঙিয়াত থকা ৰেল জংচনৰ সুযোগ লৈ একাংশ ব্যক্তিয়ে মানৱসৰবৰাহৰ দৰে দুস্কাৰ্য প্ৰায়ে সংঘটিত কৰি আহিছে। পৰিয়ালৰ লোকৰ সন্দেহ কোনো দুষ্ট চক্ৰই বহিঃৰাজ্যলৈ নি মানৱ সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী কৰাৰ । ঘটনা সন্দৰ্ভত পৰিয়ালে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো সন্ধান লাভ কৰিব পৰা নাই । এই ঘটনাই অঞ্চলযুৰী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Leave A Reply