Breaking

লিকাবালিস্থিত ২২ নং অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়ৰ বিষয়া জোৱানসকলৰ মটৰ চাইকেল ৰেলী

0 92

অসম আৰক্ষীক মঙ্গলবাৰে প্ৰদান কৰা হৈছে ৰাষ্ট্ৰপতিৰ নিচান । গুৱাহাটীত আয়োজন কৰা অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিছে এই বিৰল সন্মান । দেশৰ দহখন ৰাজ্যৰ ভিতৰত নৱম স্থানত আছে অসমৰ স্থান । বিগত পঁচিছ বছৰত অসম আৰক্ষীয়ে শান্তি আৰু যুদ্ধ উভয় ক্ষেত্ৰতে ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী সেৱাৰ ওপৰত ভিত্তি কৰি সেই সেৱাৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা হৈছে এই ৰাষ্ট্ৰপতিৰ নিচান ।

অসম আৰক্ষীয়ে এই বিৰল সন্মান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে লিকাবালিৰ অসম-অৰুণাচল সীমান্তত অৱস্থিত ২২ নং অসম আৰক্ষী ভাৰতীয় সংৰক্ষিত বেটেলিয়নৰ বিষয়া জোৱানসকল । অসম আৰক্ষীৰ এই সফলতা সন্দৰ্ভত ৰাইজক অৱগত কৰা তথা ৰাইজক আৰক্ষী সেৱাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে বেটেলিনটোৰ অধিনায়ক মুছলেহউদ্দিন আহমেদৰ নেতৃত্বত মঙ্গলবাৰে বিয়লি বাহিৰ কৰা হয় এক মটৰচাইকেল ৰেলী ।

লিকাবালিৰ পৰা অৰ্দ্ধ শতাধিক মটৰ চাইকেলসহ বেটেলিয়ানটোৰ বিষয়া জোৱানসকলে ৰেলী কৰি কুলাজানলৈকে যায় । অসম আৰক্ষীৰ এই সফলতাৰ বাবে সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহান্তকে ধৰি সকলো উচ্চপদস্থ বিষয়ালৈ ধন্যবাদ জ্ঞাপন কৰে বেটেলিয়ানৰ অধিনায়কগৰাকীয়ে ।

Leave A Reply