ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক্সিছ বেংক আৰু ভাৰতীয় সেনাৰ মাজত আজি এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ সহিতে ভাৰতীয় সেনা তথা এক্সিছ বেংকৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত এই চুক্তি সম্পাদন কৰা হয়। ভাৰতীয় সেনাৰ অভিলাষী প্ৰকল্প দীপকৰ সৌজন্যত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ শিক্ষা প্ৰদান কৰা হ’ব দৰিদ্ৰ শিক্ষাৰ্থীক।

ভাৰতীয় সেনাৰ চি এছ আৰ অনুদানেৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ’ব ক’চিং চেন্টাৰৰ আৱাসিক কেন্দ্ৰ। অন্যহাতে এই প্ৰশিক্ষণ প্ৰদান কৰিব NATIONAL INTEGRITY & EDUCATIONAL DEVELOPMENT ORGANIZATION নামৰ প্ৰতিষ্ঠানটোৱে। দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ দৰিদ্ৰ ছাত্র-ছাত্ৰীসকলক ভাৰতীয় সেনাই প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি এই অনুষ্ঠানত ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল এম এছ বেইনছ, ব্ৰিগেডিয়াৰ অনুৰাগ সিং ৰাৱট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাকে ধৰি ভালেকেইগৰাকী সেনাৰ শীৰ্ষ বিষয়া উপস্থিত থাকে।

