Udalguri । ওদালগুৰিত চাহ বাগিচাৰ চিকিৎসালয় আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বুজা বুজিৰ চুক্তি

২২ জানুৱাৰী, ২০২৫ঃ Udalguri । ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমৰ চাহ বাগিচা অঞ্চলত স্বাস্থ্য সেৱা সবলীকৰণৰ উদ্দেশ্যে চাহ বাগিচা চিকিৎসালয়সমূহ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ প্ৰচেষ্টা হাতত লৈছে। এই উদ্দেশ্যে আজি দিছপুৰ জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘলৰ সৈতে চাহ বাগিচাৰ পৰিচালন সমিতিৰ বুজা বুজিৰ চুক্তি স্বাক্ষৰ হয়।

ওদালগুৰি জিলাতো অতিৰিক্ত জিলা আয়ুক্ত চৰফ্ৰাজ হ’কৰ উপস্থিতিত আয়ুক্তৰ কাৰ্যালয়ত বুজা বুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই অনুষ্ঠানত জিলাখনৰ ২৩ খন চাহ বাগিচাৰ পৰিচালক তথা প্ৰতিনিধি বৰ্গ উপস্থিত থাকে। জিলা স্বাস্থ্য সমিতি আৰু বাগিচাৰ পৰিচালন সমিতিৰ মাজত এই বুজা বুজিৰ চুক্তি স্বাক্ষৰিত হয়। জিলাখনৰ ২৫ খন চাহ বাগিচা চিকিৎসালয় আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীত কৰা হ’ব।

এই চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত পৰ্যাপ্ত ঔষধ, ৰোগ নিৰ্ণয়ৰ সুবিধাৰ লগতে প্ৰয়োজনীয় সা- সুবিধাসমূহো উপলব্ধ কৰোৱাৰ ব্যবস্থা থাকিব। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে অনাগত দিনত চাহ বাগিচাত বসবাস কৰা লোসকলে গুণগত আৰু উন্নত মানৰ স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হৱ।

Related Articles