কটন বিশ্ববিদ্যালয়ৰ যুৱ অভিযন্তা সুৰজিত তালুকদাৰৰ মৃত্যুত শোক প্ৰকাশ

অভিযন্তা সুৰজিত তালুকদাৰৰ (২৭) যোৱা ২ অক্টোবৰ ২০২১ তাৰিখে সৰুপেটাস্থিত নিজ বাসগৃহৰ পুখুৰীত সাঁতুৰি থকা অৱস্থাত আকস্মিক মৃত্যু ঘটে ৷ বিশ্ববিদ্যালয়খনৰ যুৱ অভিযন্তা সুৰজিতৰ এই আকস্মিক মৃত্যুত সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিত তেখেতৰ আত্মাৰ সদগতিৰ বাবে কটন পৰিয়ালৰ তৰফৰ পৰা দিনৰ ১২ বজাত বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখনি শোকসভা অনুষ্ঠিত কৰা হ’য় আৰু সন্ধিয়া ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ মুল প্ৰৱেশ দ্বাৰত বন্তি প্ৰজ্বলন কৰা হয়। অতি শোকাকুল হৈ পৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নম্ৰ আৰু দক্ষ অভিযন্তা সুৰজিৎক সকলোৱে আবেগিক হৈ বিশ্ববিদ্যালয়ৰ প্ৰতি থকা অৱদানৰ কথা স্মৰণ কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰে। ইয়াৰ লগতে কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এক শোকবাৰ্তা প্ৰেৰণ কৰা হ’য়৷

Related Articles