Breaking

গহপুৰৰ ধৰ্মপ্ৰাণ মহিলা নিহাৰীকা ৰাজখোৱাৰ মৃত্যুত শোক

0 2,026

নিউজ ডেস্ক: গহপুৰ বালিজান বিলতীয়াৰ তথা বৰ্তমান গহপুৰ কলেজগুৰিৰ  নিবাসী ধৰ্মপ্ৰাণ মহিলা নিহাৰীকা ৰাজখোৱা(৭৬)ৰ মৃত্যু। ইং ২০ নবেম্বৰ ২০২১,শনিবাৰে পুৱা ৬:৫০ বজাত বাধ্যৰ্কজনিত  ৰোগত কলেজগুৰিৰ নিজা বাসগৃত  মৃত্যুক আকোৱালি ল’ব লগা হয় ধৰ্মপ্ৰাণ মহিলা নিহাৰীকা ৰাজখোৱাই। গহপুৰ বালিজান জ্যােতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান  শিক্ষক স্বৰ্গীয় হৰকুমাৰ ৰাজখোৱাৰ পত্নী আছিল নিহাৰীকা ৰাজখোৱা। মৃত্যুৰ সময়ত  দুগৰাকী পুত্ৰ  ক্ৰমে জ্যােতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাঞ্জল ৰাজখোৱা, উজ্জ্বল ৰাজখোৱা(বনু) দুই বোৱাৰী সহ  জী-জোঁৱাই,নাতি নাতিনীক  ইহ সংসাৰত এৰি থৈ যায়। নিহাৰীকা ৰাজখোৱাৰ  মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে গহপুৰ বালিজান বিলতীয়াৰ নামঘৰ পৰিচালনা সমিতিৰ লগতে জোনাকী নাট্য গোষ্ঠী আৰু জ্যােতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সমাজ,কলেজগুৰি বাসী ৰাইজে।

Leave A Reply