Breaking

“APSC পৰীক্ষাৰ ফলাফলত ৪৫ সংখ্যক স্থানত উজলিল আগিয়াৰ মৌচুমী নাথ, দল সংগঠনৰ উষ্ম আদৰণি”…

0 24

অসম লোকসেৱা আয়োগৰ সদ্যঘোষিত পৰীক্ষাত ৪৫ স্থানত উজলি উঠিল গোৱালপাৰা জিলাৰ আগিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত সোণচাপৰিৰ মৌচুমী নাথ । কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ বৰ্তমানে বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় পাঞ্জাৱাৰীত অধ্যয়নৰত হৈ আছিল । মেধা সম্পূৰ্ণ মৌচুমী সৰুৰে পৰাই শৈক্ষিক দিশত অতি চোকা ছাত্ৰী হোৱাৰ লগতে জীৱনৰ বাটত প্ৰতিটো পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ।

এক আছুতীয়া সাক্ষাতকাৰত পৰিয়ালটোৰ একমাত্ৰ সুযোগ্য কণ্যা মৌচুমীয়ে জনায় যে তেওঁৰ সফলতাৰ আঁৰৰ মূল ব্যক্তি দুগৰাকী হল ক্ৰমে পেছাত বৰদামাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পিতৃ হৰেশ্বৰ নাথ আৰু মাতৃ অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ সম্পাদিকা হেলেন নাথৰ লগতে পৰিয়ালৰ বাকীবোৰ সদস্যৰ আন্তৰিকতাৰ বাবে আজি ইমানখিনি হবলৈ সক্ষম হোৱা বুলি জনায় । উল্লেখযোগ্য যে পৰিয়ালটোৰ দ্বিতীয়গৰাকী এ চি এছ বিষয়া হিচাপে মৌচুমীৰ এই সাফল্যতাৰ বাবে পৰিয়ালৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে । ইতিমধ্যে তেওঁৰ সফলতাৰ বাবে গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ লগতে সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাই উষ্ম আদৰণি জনাই একোখনকৈ ফুলাম গামোচা শৰাই চেলেং চাদৰেৰে সম্বৰ্ধনা জনায় । ভৱিষ্যতে এজনী দক্ষ ৰাজপত্ৰিত বিষয়া হিচাপে দুখীয়া ৰাইজৰ হৈ কাম কৰি যোৱাৰ লগতে চৰকাৰী কামৰ সৎ ব্যৱহাৰ কৰিব বুলি জানিবলৈ দিয়ে ।

Leave A Reply