Breaking

চিন্তাৰ আন্দোলনে উন্মেষ ঘটায় কাব্যৰ প্ৰতিভাঃ দাৰ্শনিক দিগন্ত বিশ্ব শৰ্মা

0 28

ৰূপান্তৰহে জগত সুন্দৰ কৰে। পৃথিৱীক ধুনীয়া কৰিব হলে কাব্য, সাহিত্য আৰু শিল্পই সুন্দৰ কৰি তুলে। মানুহৰ জীৱন সাৰ্থক হ’ব মানুহে অন্তৰংগ ভাবে আৰু নিবিড় ভাবে সৌন্দৰ্য্যৰ সম্ভাৰ গঢ়ি তুলিব লাগিব। তাৰ উপৰিও চিন্তাৰ আন্দোলনে কাব্য প্ৰতিভাৰ উন্মেষ ঘটায়। সোমবাৰে ৰঙাপৰা মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত সাহিত্য একাডেমীৰ উদ্যোগত আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা কাব্যিক অৰ্ন্তদৃষ্টি আৰু জীৱন শীৰ্ষক আলোচনাচক্ৰত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে সুবক্তা, দাৰ্শনিক দিগন্ত বিশ্ব শৰ্মাই।

পুৱা ১০ বজাত আৰম্ভ হোৱা অনুষ্ঠানটোৰ আতঁ ধৰে মহাবিদ্যালয় খনৰ অধ্যাপক প্ৰশান্ত বড়োয়ে আৰু অনুষ্ঠানটোৰ আদৰণি ভাষণ পাঠ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ ৰঞ্জন কলিতাই। নিজৰ আদৰণি ভাষণত অধ্যক্ষ ড॰ ৰঞ্জন কলিতাই কয় যে ৰঙাপৰা মহাবিদ্যালয়ৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন। তেওঁৰ কাৰ্যকালৰ বিগত ৬ বছৰত এইখনে এনেধৰণৰ প্ৰথম আলোকপাতচক্ৰ।এই বছৰৰ শেষৰফালে এনে ধৰণৰ আলোচনাচক্ৰ আকৌ অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ কয়। সাহিত্যৰ মাজেদি অতীতক বিচাৰি পোৱা যায় আৰু বৰ্তমানৰ সমস্যা সাহিত্যৰ মাজেদি প্ৰতিফলিত হয় বুলি তেওঁ মন্তব্য কৰে।

সাহিত্য একাডেমী কলিকতাৰ আঞ্চলিকৰ সম্পাদক দেবেন্দ্ৰ কুমাৰ দেবেশে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে বৰ্তমান সমাজ ব্যৱস্থাত চলি থকা বিভিন্ন সমস্যাৰ অনুভুতি সমুহ সাহিত্যিক আৰু কবি সকলে দাঙি ধৰাৰ প্ৰয়াস কৰি আহিছে। পৃথিৱীত থকা সমস্যা সমুহ মানৱীয় অনুভূতিৰে সমাধানৰ দিশত সমাধান হ’ব বুলি আশা কৰিব পাৰি।

তাৰোপৰি তেখেতে উল্লেখ কৰি কয় যে অহা মাৰ্চ মাহত সাহিত্য একাডেমী অনুষ্ঠানটোৱে ৭০ বছৰত ভৰি দিব।বৰ্তমান একাডেমীয়ে ভাৰতৰ ২৪ টা ভাষাত শিশু, যুৱক, সাহিত্য অনুবাদ, নাৰী সমাজ, প্ৰতিবন্ধক সকলৰ বাবে কাম কৰি ৮০০০ পুস্তিকা প্ৰকাশ কৰিছে। তাৰোপৰি সাহিত্য একাডেমীয়ে বছৰত ১৫০ টা গ্ৰন্থ মেলাত অংশগ্ৰহণ কৰে।

লগতে অনুষ্ঠানটোৱে নিজৰ কাকত প্ৰকাশ কৰা বুলি কয়। বৰ্তমান ইন্টাৰনেটত সাহিত্য একাডেমীৰ বহু তথ্য সময়ে সময়ে অনুষ্ঠানটোৱে প্ৰেৰণ কৰি আহিছে। গতিকে কবি আৰু সাহিত্যিকসকলে নিজৰ প্ৰতিভাৰে সমাজখনক আগবঢ়াই নিয়ে আৰু এই ক্ষেত্ৰত সাহিত্য একাডেমীয়ে নিজৰ অৱদান আগবঢ়াই গৈছে। সাহিত্য উৎসৱ গ্ৰামলোক নামৰ এটা অনুষ্ঠান গাঁৱত কৰা হয় বুলি তেওঁ কয়।

ইতিমধ্যে কাৰ্বি ভাষাতো এনে অনুষ্ঠান কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী চাৰু চহৰীয়া নাথ উপস্থিত থাকি অনুষ্ঠানটোৰ শুভেচ্ছামুলক বক্তব্য আগবঢ়াই আৰু এনে ধৰণৰ আলোচনাচক্ৰই অধ্যাপক অধ্যাপিকা সকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।

ইপিনে কবিসন্ধি নামৰ কবিতাৰ অনুষ্ঠানত যশস্বী কবি বিপুল জ্যোতি শইকীয়াই তেখেতৰ সাহিত্য যাত্ৰা আৰু শেহতীয়া সাহিত্য কৰ্মৰ বিষয়ে বক্তৃতা দিয়ে। অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট কবি ভৱেশ মিশ্ৰ, কমলা বেগম,জয়া শইকীয়া দাস,আৰ কে বেজবৰুৱা,অসিত ভট্টাচাৰ্য্য, ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীৰ লগতে ৰঙাপৰা মহাবিদ্যালয় আৰু বালিপৰা মডেল মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা উপস্থিত থাকে।

Leave A Reply