টংলাত ৰাভা সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলাৰ শুভ উদ্ধোধন সাংসদ দিলীপ শইকীয়াৰ

উত্তৰ পূৱ পৰিষদৰ উন্নয়ন পুঁজিৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া ৰাভা সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলাটি বৃহস্পতি বাৰে মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ৮নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। শুভাৰম্ভ কৰাৰ পিছতে সভাত সাংবাদিকক কয় ৯০লাখ টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া প্ৰকল্প সম্পূৰ্ণকৰণ হ’লে ৰাভা ৰাইজৰ বহুদিনীয়া অভাৱ আঁতৰ হব। ৰাভা জাতিৰ উত্তৰণৰ লগতে ভাষা সাহিত্য সংস্কৃতি তথা সভ্যতা বিকাশৰ অগ্ৰগতি হোৱাটো বিচাৰো।ৰাভা হাছঙৰ বাহিৰে অন্য জিলাসমূহক আমি অচিৰেই ৰাভা উন্নয়ন পৰিষদ দিয়াৰ সু ব্যৱস্থা গ্ৰহণ কৰি ৰাভা ৰাইজৰ বহুদিনৰ অভাৱ পূৰণৰ স্বাৰ্থত বিজেপি নেতৃত্বাধীন মিত্ৰযুঁট চৰকাৰে সদায় সুদৃষ্টি প্ৰদান কৰিব বুলি সাংসদ দিলীপ শইকীয়াই মন্তব্য কৰে।

Related Articles