Breaking

বোকাখাতত সাংসদ গৌৰৱ গগৈঃ ৰাজ্যসভাৰ সাংসদ হিচাপে সৰ্বানন্দ সোনোৱালক ৱাক অভাৰ

0 1,419

আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছে সৰ্বানন্দ সোণোৱালক সমৰ্থন দিয়াৰ ইংগিত দিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ৷ আজি পোলেণ্ডত অনুস্থিত বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্যক্তিগত শাখাত ব্ৰঞ্জ, দলীয় আৰু পুৰুষ তথা মহিলাৰ শাখাত সোণৰ পদক জয়ী বোকাখাতৰ বিশাল চাংমাইৰ বোকাখাতস্থিত বাসভৱনত সাংবাদিকৰ আগত এই ইংগিত দিয়ে সাংসদগৰাকীয়ে ৷ সৰ্বানন্দ সোণোৱালক বিজেপি দলে অন্যায় কৰিছে বুলি মন্তব্য কৰি সাংসদজনে ক’ত কেন্দ্ৰীয় মন্ত্ৰী আৰু ক’ত ৰাজ্যসভাৰ সাংসদ বুলিও প্ৰশ্ন কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিসম্বাদৰো PHD আছে বুলি কৈ সৰ্বানন্দ সোণোৱালক অতি পৰিকল্পিত ভাৱে মুখ্যমন্ত্ৰীত্বৰ পৰা ডাঃ শৰ্মাই বঞ্চিত কৰিলে বুলিও উল্লেখ কৰে সাংসদ জনে ৷ অৱশ্যে ৰাজ্যসভা সম্পৰ্কত গগৈয়ে কৰা মন্তব্যও একান্ত ব্যক্তিগত বুলিও উল্লেখ কৰে ৷ থাওৰা আৰু মৰিয়নী সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী উপ নিৰ্বাচনত জয়ী হ’ব বুলি কৈ সাংসদজনে সমষ্টি দুটাত বহু লোকে কংগ্ৰেছৰ পৰা টিকট বিছৰাৰ কথাও জানিবলৈ দিয়ে ৷ বিশাল চাংমাইৰ নিজা ঘৰত সাংসদ গৰাকী উপস্থিত হৈ সম্বৰ্ধনা জনায় ৷ ঝাৰখণ্ডত অনুস্থিত হ’ব লগা চিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাৰ পূৰ্বেই এখন ধনু প্ৰদানৰো আশ্বাস দিয়ে ৷ উল্লেখ্য যে, বিশাল চাংমায়ে লোকৰ ধনুৰেই খেলি স্বৰ্ণজয় কৰিবলৈ সক্ষম হৈছিল ৷

Leave A Reply