১৩ মে’ ২০২৫: Mriganka Barman অভিনেতা মৃগাংক বৰ্মনৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি অসমত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। গড়চুক আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ৰাজু আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ জেৰাত ৰাজু আলীয়ে স্বীকাৰ কৰে যে তেওঁ আমিনগাঁৱৰপৰা কিনি অনা মাত্ৰ ২০ টকীয়া ছুৰীখনৰে মৃগাংক বৰ্মনক ৫বাৰকৈ আঘাত কৰিছিল। ঘটনা সংঘটিত হয় গড়চুকস্থিত ‘Hi City Inn’ নামৰ এখন হোটেলত, য’ত মৃগাংক বৰ্মনে ২০৯ নম্বৰৰ কোঠা এখন বুক কৰি এগৰাকী বিবাহিত মহিলাৰ সৈতে আছিল।

তথ্য অনুসৰি, ৰাজুৱে দামপুৰৰপৰা পালছাৰ বাইক লৈ মাথোঁ ২০ মিনিটত অট্টালিকাটোৰ চৌহদত উপস্থিত হয়। হত্যাৰ পিছত তেওঁ পুনৰ ঘৰলৈ উভতি যায়। হোটেল এৰি দিয়াৰ পিছত হোটেলৰ পাৰ্কিঙত মৃগাংক আৰু মহিলাগৰাকীৰ মাজত কাজিয়া হয়। তাৰ পাছতেই ৰাজুৱে মৃগাংকক ছুৰীঘাত কৰে আৰু লগতে লাঠীৰে মহিলাগৰাকীকো প্ৰহাৰ কৰে।

ঘাতক ৰাজু আলীয়ে দাবী কৰিছে যে, তেওঁকেইবছৰ আগতে মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু সেই সম্পৰ্ক ভাঙি যোৱাৰ পিছতে মৃগাংকৰ সৈতে মহিলাগৰাকীৰ ঘনিষ্ঠতাৰ কথা জানি তেওঁ দুঃখ আৰু ৰাগৰ বিস্ফোৰণত এই হত্যাকাণ্ড সংঘটিত কৰে।
জেৰাত তেওঁ কয় – “মই নিজেই বুজি পোৱা নাই কি কৰি পেলালো। আমি ডেৰ বছৰ একেলগে আছিলো। এতিয়া মই অনুতপ্ত।”
হত্যাকাণ্ডত ব্যৱহৃত ছুৰী আৰু লাঠী উদ্ধাৰ কৰাৰ লগতে, আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোৱে অসমবাসীক স্তম্ভিত কৰি তুলিছে।