উদীয়মান কবি মৃণাল কুমাৰ বৰাক কাব্য মনন বঁ‌টা প্ৰদান ।Mrinal Kumar Bora

Mrinal Kumar Bora । উদীয়মান কবি মৃণাল কুমাৰ বৰাক কাব্য মনন বঁ‌টা প্ৰদান । অসম চৰকাৰৰ দ্বাৰা পঞ্জীয়ণভুক্ত অনুষ্ঠান ‘মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজ, অসমে’ তৃতীয় বাৰ্ষিকীৰ উপলক্ষে ইংৰাজী ৩১-০৭-২০২৫ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠানটোৰ সভাপতি ড° লখিমী গগৈৰ পৰিচালনাত গ্ৰন্থ উন্মোচন, বঁ‌টা প্ৰদান আৰু ছাত্ৰ-ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপৰ মানপত্ৰ প্ৰদান অনুষ্ঠান আয়োজন কৰে।

বিশেষ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° শীলা বৰা, মৰিগাঁও জিলাৰ চৰাইবাহী মহাবিদ্যালৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথ আৰু সাংবাদিক, বিশিষ্ট কবি, সাহিত্যিক, সমালোচক ৰিপুঞ্জয় গগৈ। উল্লেখ্যযে কবিতাৰ জগতখনৰ লগত জড়িত হৈ কাব্য সৃষ্টিৰ লগতে কাব্যিক জগতখনৰ উত্তৰণৰ কাৰণে যি প্ৰচেষ্টা চলাই আহিছে তাৰ স্বীকৃতি স্বৰূপে ‘মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজ, অসম’ৰ তৰফৰ পৰা সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক তথা উদীয়মান কবি মৃণাল কুমাৰ বৰাক ২০২৫ বৰ্ষত পোন প্ৰথমবাৰৰ বাবে ‘কাব্য মনন বঁ‌টা-২০২৫’ প্ৰদান কৰা হয়। বঁ‌টা প্ৰদান কৰে বিশেষ অতিথি ড° শীলা বৰা আৰু সাংবাদিক, বিশিষ্ট কবি, সমালোচক ৰিপুঞ্জয় গগৈয়ে। উক্ত অনুষ্ঠানত ১২০ ঘণ্টীয়া ইণ্টাৰ্ণশ্বিপ সফলতাৰে সম্পূৰ্ণ ছাত্ৰ-ছাত্ৰী সকলকো একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

Related Articles