Breaking

চেন্নাইৰ অধিনায়ক হৈ ২০২৩তো খেলিব এম এছ ধোনীয়ে…

0 2,036

চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিঙ ধোনীক পৰবৰ্তী ছিজনতো অধিনায়ক হৈ খেলিবৰ বাবে বাচনি কৰিছে দলটোৰ বিষয়ববিয়া সকলে। অনুৰাগীসকলক তেওঁ আশ্বাস দিয়ে, ২০২৩ চনলৈকে হালধীয়া জাৰ্চীতে খেলিব বুলি। লগতে ক্ৰিকেট তাৰকাজনে কয় যে, “নিশ্চিতভাৱে, মই অহা বছৰ খেলিম। চেন্নাইৰ হৈ নেখেলাটো অন্যায় হ’ব। এইটো চিএচকে অনুৰাগীসকলৰ বাবে ভাল নহ’ব। ২০২৩ মোৰ অন্তিম বছৰ হ’ব নে নহয়, সেয়া চাব লাগিব,”। লগতে তাৰকাজন খেলুৱজনে আৰু কয় যে, পৰবৰ্তী আই পি এল ছিজনত দলবোৰে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানলৈকে খেৱিবৰ বাবে যাব আৰু দেশৰ অনুৰাগীসকলক তেওঁ ধন্যবাদ জনাবৰ বাবে মঞ্চ পাব।

অৱশ্যে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰজনে IPL ২০২৩ তেওঁৰ বাবে অন্তিম ছিজন হয় নে নাই সেই কথা এতিয়ালৈকে প্ৰকাশ কৰা নাই। চলিত IPL ত শোচনীয় প্ৰদৰ্শনৰ পিছত চেন্নাই চুপাৰ কিংছ হৈছে প্লে ফৰ পৰা বাহিৰ হোৱা দ্বীতিয়টো দল। আনহাতে চলিত বৰ্ষৰ IPL ছিজনত চেন্নাই চুপাৰ কিংছে ১৩খন খেল খেলাৰ বিপৰীতে মাত্ৰ চাৰিখন খেলহে জিকিবলৈ সক্ষম হৈছে। আৰু পইণ্ট তালিকাৰ একেবাৰে অন্তিম স্থানত আছে।