মুকালমুৱাত বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ আৰু সমাজসেৱী প্ৰফুল্ল চন্দ্ৰ মেধিক ৰাজহুৱা সম্বৰ্দ্ধনা আৰু “প্ৰফুল্লপ্ৰভা” শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন সভা

মুকালমুৱাত বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ আৰু সমাজসেৱী প্ৰফুল্ল চন্দ্ৰ মেধিক ৰাজহুৱা সম্বৰ্দ্ধনা আৰু অভিনন্দন গ্ৰন্থ উন্মোচন সভা এখনি অনুষ্ঠিত হয়। ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ কৃতী শিক্ষক বঁটা প্ৰাপক প্ৰফুল্ল চন্দ্ৰ মেধীক তেখেতৰ গুণমুগ্ধ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰক্ষেত্ৰী অঞ্চলৰ ৰাইজে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনাই। একে অনুষ্ঠানতে সমাজ জীৱনত তেখেতৰ অৱদান সম্পৰ্কে “প্ৰফুল্লপ্ৰভা” শীৰ্ষক এখনি অভিনন্দন গ্ৰন্থ উন্মোচন কৰে।

মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত সভাখনত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা বৰক্ষেত্ৰীৰ সন্তান গৌতম শৰ্মা। লগতে উপস্থিত থাকে বৰক্ষেত্ৰী অঞ্চলৰ পৰা গৈ অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিস্থিত হোৱা কেইবাগৰাকীও বিশিষ্ট লোক। আজিৰ এই সভাখনত বৰক্ষেত্ৰী অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত প্ৰফুল্ল চন্দ্ৰ মেধিৰ অৱদান সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়।

সভাখনত গৌতম শৰ্মাৰ লগতে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত, মিজোৰাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিবাকৰ ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ ফণী ডেকাৰ লগতে বৰক্ষেত্ৰী অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ তথা প্ৰফুল্ল চন্দ্ৰ মেধিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা তেখেতৰ গুণমুগ্ধ আৰু বৰক্ষেত্ৰী অঞ্চলৰ ৰাইজ।

Related Articles